NORTHEAST NOW (Assamese)
অসম

বীৰুবালা ৰাভাই গ্রহণ কৰিলে আন্ত:ৰাষ্ট্ৰীয় বঁটা

Posted by: এন ই নাও নিউজ October 28, 2018 7:53 am
522028-birubala-rabha-750x375

শনিবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত  বীৰুৱালা ৰাভাক প্ৰদান কৰা হয় ‘অ’মেন ক্ৰীয়েটিভিটি ইন ৰুৰেল লাইফ’ বঁটা। বিশ্বৰ দহগৰাকী গ্ৰামাঞ্চলৰ অগ্ৰণী সেৱিকালৈ আগবঢ়োৱা এই বঁটা লাভ কৰাসকলৰ ভিতৰত গোৱালপাৰাৰ বীৰুৱালা ৰাভা অন্যতম।

উল্লেখযোগ্য যে ‘উইমেন ৱ’ৰ্ল্ড ছামিট ফাউণ্ডেশ্যন, জেনেভালৈ ভাৰতৰ দুগৰাকীকৈ মহিলা আমন্ত্ৰিত হৈছিল। তাৰ ভিতৰত আছিল অসমৰ বীৰুবালা ৰাভা। কিন্তু বিশেষ অসুবিধাৰ বাবে জেনেভালৈ যাব নোৱাৰাত শনিবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত এখন সভা অনুষ্ঠিত কৰি তেওঁক এই বঁটা প্ৰদান কৰা হয়।

সামাজিক কৰ্মী বীৰুবালা ৰাভালৈ আগবঢ়োৱা এই বঁটাৰ লগতে তেওঁক প্ৰদান কৰা হয় এক হাজাৰ আমেৰিকান ডলাৰ।

অসমৰ সমাজ জীৱনত প্ৰচলিত হৈ থকা কিছুমান অমানৱীয় কাৰ্য তথা সংস্কাৰৰ বিৰুদ্ধে এগৰাকী সংগ্ৰামী নাৰী বীৰুবালা ৰাভাই দীৰ্ঘদিন ধৰি কাম কৰি আহিছে। সমাজৰ অন্ধবিশ্বাস আৰু ডাইনীৰ নামত হত্যা ৰোধৰ ক্ষেত্ৰত এগৰাকী অগ্ৰণী নেত্ৰী হিচাপে দেশে-বিদেশে পৰিচিত হৈ পৰিছে বীৰুবালা ৰাভা।

শনিবাৰে বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মৃদুল হাজৰিকা, পঞ্জীয়ক সুৰেশ কুমাৰ নাথ, প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সাহাই, বিশেষ আৰক্ষী সঞ্চালক প্ৰধান পল্লৱ ভট্টাচাৰ্য, বিশিষ্ট লেখক দীনেশ গোস্বামীকে প্ৰমুখ্য কৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি।