NORTHEAST NOW (Assamese)

উচটনিমূলক মন্তব্য কৰাসকলৰ বিৰুদ্ধে কঠোৰ হ’ব বিশ্বনাথৰ প্ৰশাসন

November 3, 2018 10:56 am · কাজি জেইদুল ইছলাম 

কালি ৰাজ্যত সংঘটিত অমানৱীয় ঘটনাৰ পৰিপ্ৰেক্ষিতত বিশ্বনাথ জিলাত আইন-শৃংখলা পৰিস্থিতিৰ যাতে অৱনতি ঘটিব নোৱাৰে, সেই উদ্দেশ্যে বিশ্বনাথ জিলা  উপায়ুক্তৰ সভাগৃহত আজি এখন শান্তি সভা অনুষ্ঠিত হয়। উপাযুক্ত ধীৰাজ জ্যোতি কলিতাৰ পৌৰোহিত্যত অনুষ্ঠিত এই সভাত বিশ্বনাথ জিলাৰ বিভিন্ন ছাত্ৰ সংগঠন, জাতীয় সংগঠন, সংবাদ মাধ্যম আৰু নাগৰিক সমাজৰ প্ৰতিনিধি উপস্থিত থাকি উগ্ৰপন্থীৰ নাৰকীয় কাৰ্যক একেমুখে গৰিহণা দিয়ে। সভাত বক্তব্য প্ৰদান কৰি উপায়ুক্তগৰাকীয়ে কয় যে হিংসাই কোনো সমস্যাৰ সমাধান নকৰে।

এই ঘটনাৰ প্ৰতিক্ৰিয়া স্বৰূপে বিশ্বনাথ জিলাত যাতে কোনো অপ্ৰীতিকৰ ঘটনাৰ সূত্ৰপাত হব নোৱাৰে তাৰ বাবে সকলোকে সজাগ হৈ থাকিবলৈ উপায়ুক্তগৰাকীয়ে আহ্বান জনায়। আৰক্ষী অধীক্ষক দিগন্ত চৌধুৰীয়ে কয় যে আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী প্ৰশাসন সম্পূৰ্ণ সাজু আৰু উচটনিমূলক মন্তব্য কৰা ব্যক্তি, দল-সংগঠনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হব। ছচিয়েল মিডিয়াত কৰা বিৰূপ আৰু উচটনিমূলক মন্তব্য নিৰীক্ষণৰ বাবে ছচিয়েল মিডিয়াৰ ওপৰত তীক্ষ্ণ নজৰ ৰখা হৈছে বুলিও আৰক্ষী অধীক্ষকগৰাকীয়ে সাৱধান কৰি দিয়ে।

যিকোনো দুৰ্যোগজনিত পৰিস্থিতিৰ ক্ষেত্ৰতে সহায়ৰ বাবে দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ হেল্পনাইন নম্বৰ ০৩৭১৫-২২২০৮৬ত যোগাযোগ কৰিবলৈ ৰাইজক জিলা প্ৰশাসনে আহ্বান জনাইছে। অতিৰিক্ত উপায়ুক্ত পাৰভেজ আমিন, কাৰ্যবাহী দণ্ডাধীশ আবুল কালামৰ লগতে সভাত উপস্থিত থকা প্ৰতিটো দল-সংগঠনৰ প্ৰতিনিধিয়ে আশা প্ৰকাশ কৰে যে বিশ্বনাথৰ ৰাইজ স্বাভাৱিকতেই শান্তিপ্ৰিয় আৰু কোনো অপশক্তিয়ে বিশ্বনাথৰ ৰাইজৰ মাজত ভুল-বুজাবুজিৰ সৃষ্টি কৰিব নোৱাৰে।

Related News