NORTHEAST NOW (Assamese)
অসম

হেলমেট নোহোৱা বাইক আৰোহীক পেট্ৰ’ল নিদিয়াৰ নিৰ্দেশ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 4, 2019 8:36 am
maxresdefault

সঘনাই সংঘটিত হৈ থকা বাইক দুৰ্ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বনাথ জিলা প্ৰশাসনে জিলাখনত হেলমেট অবিহনে পেট্ৰ’ল নিদিবলৈ নিৰ্দেশ জাৰি কৰিছে। দুৰ্ঘটনাৰ পৰা স্থানীয় ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে পেট্ৰ’ল পাম্পসমূহত হেলমেট অবিহনে পেট্ৰ’ল নিদিবলৈ জিলা প্ৰশাসনে এই নিৰ্দেশ জাৰি কৰিছে।

বিশ্বনাথ জিলাৰ উপায়ুক্ত পৱিত্ৰৰাম খাউণ্ডে এক কঠোৰ নিৰ্দেশনাৰ জৰিয়তে সকলো পেট্ৰ’ল পাম্পৰ গৰাকীকে হেলমেট অবিহনে পেট্ৰ’ল প্ৰদান নকৰিবলৈ নিৰ্দেশ দিছে।

অৱশ্যে এই ব্যৱস্থাই দুৰ্ঘটনা ৰোধত কিমান সহায়ক হ’ব তাক লৈ সচেতন ৰাইজে সন্দেহ ব্যক্ত কৰিছে। কিয়নো পূৰ্বতেও এনেধৰণৰ  নিৰ্দেশনা জাৰি কৰা হৈছিল যদিও পথ দুৰ্ঘটনা ৰোধ কৰাত সফল হোৱা নাছিল।

সাধাৰণতে নতুন চেঙেলীয়া যুৱকসকলে অধিক বাইক চলায় আৰু অধিকাংশৰে হেলমেট থাকিলেও অনুজ্ঞা পত্ৰ থকা দেখা নাযায়। সেয়েহে অনুজ্ঞাপত্ৰ নথকা বাইক চালককহে পেট্ৰ’ল নিদিবলৈ সিদ্ধান্ত লোৱা উচিত বুলি সচেতন মহলে মত ব্যক্ত কৰে।

তদুপৰি, দালালৰ জৰিয়তে উপযুক্ত বয়স অবিহনে চালকৰ অনুজ্ঞাপত্ৰ লাভ কৰা বিষয়টোহে অধিক গুৰুত্বপূৰ্ণ আৰু এই ক্ষেত্ৰত প্ৰশাসনে অধিক কঠোৰ হোৱাৰ প্ৰয়োজন আছে বুলিও সচেতন ৰাইজে মত প্ৰকাশ কৰিছে।