NORTHEAST NOW (Assamese)

খহনীয়াৰ কবলত বিশ্বনাথ কংগ্ৰেছ! তৃণমূল কৰ্মীৰ প্ৰতিবাদত আজিও উত্তাল হ’ল ৰাজীৱ ভৱন

December 24, 2018 4:52 pm · কাজি জেইদুল ইছলাম
Updated: December 26, 2018 2:48 pm
ফটো : নৰ্থ-ইষ্ট নাও

বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাই সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত দলীয় টিকট দিয়াৰ বিনিময়ত কংগ্ৰেছ কৰ্মীৰ পৰা বৃহৎ পৰিমানৰ ধনৰ লেনদেন কৰা, নিৰ্বাচনত বেয়াকৈ মুখথেকেচা খোৱাৰ পাছত কংগ্ৰেছ কৰ্মীসকলে সভাপতিগৰাকীৰ বিৰুদ্ধে বিৰোধ প্ৰদৰ্শন কৰাত সভাপতিগৰাকীয়ে একাংশ কংগ্ৰেছ কৰ্মীক দল বিৰোধী কাৰ্যত লিপ্ত হোৱা বুলি দলৰ পৰা বহিস্কৃত কৰা প্ৰসংগত আজিও বিশ্বনাথৰ ৰাজীৱ ভৱনত শতাধিক কংগ্ৰেছ কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে।

আজি বিশ্বনাথৰ ৰাজীৱ ভৱনত জিলাখনৰ শ শ তৃণমূল পৰ্যায়ৰ কৰ্মীসকল উপস্থিত হৈ জিলা নেতৃত্বৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ কৰা কৰাৰ উপৰি কৰ্মীসকলে জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱা হাটাও কংগ্ৰেছ বচাও আদি শ্লোগানেৰে ৰাজীৱ ভৱনৰ পৰিৱেশ উত্তাল কৰি তোলে।

উল্লেখ্য যে জিলা সভাপতিগৰাকীৰ বিৰুদ্ধে পূৰ্বেও সংবাদ মেলৰ আয়োজন কৰিছিল তৃণমূল পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীসকলে। কিন্তু ইয়াৰ পিছতো ৰাজ্যিক পৰ্যায়ৰ নেতৃত্বই সভাপতিগৰাকীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আজি পুনৰ কংগ্ৰেছ সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰে বুলি জানিবলৈ দিয়ে।

প্ৰতিবাদকাৰীসকলে ষ্পষ্ট ৰূপত উল্লেখ কৰি কয় যে যদিহে দিলীপ বৰুৱাক জিলা সভাপতিৰ পৰা বহিস্কাৰ কৰা নহয় তেন্তে আমি সমূহীয়াভাৱে কংগ্ৰেছ দল ত্যাগ কৰিবলৈ বাধ্য হ’ম।

Related News