NORTHEAST NOW (Assamese)

সান্ধ্য আইন ভংগ কৰি ৰাজপথত ঘুৰি ফুৰা লোকক ধৰি ক’ভিড টেষ্ট কৰালে বিশ্বনাথ জিলা প্ৰশাসনে

June 19, 2021 12:09 pm · কাজি জেইদুল ইছলাম
ফটো: নৰ্থইষ্ট নাও।

প্ৰতি দিনে বিশ্বনাথত বৃদ্ধি পাবলৈ ধাৰিছে ক’ভিড পজিটিভৰ সংখ্যা। যাৰ বাবে প্ৰতি দিনে বিশ্বনাথত স্বাস্থ্য বিভাগৰ স্বাস্থ্যকৰ্মীসকলে বহুলোকৰ ক’ভিড টেষ্ট প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।

কিন্তু এতিয়াও বহুলোকে এই কভিড টেষ্ট কৰোৱা নাই। সেয়ে, বিশ্বনাথত জিলা প্ৰশাসনে স্বাস্থ্য বিভাগৰ সহযোগত ক’ভিড টেষ্ট কৰোৱাৰ বাবে আৰম্ভ কৰিছে এক নতুন কৌশল।

বিশ্বনাথ জিলা প্ৰশাসনৰ নিৰ্দেশত আৰু বিশ্বনাথ জিলা স্বাস্থ্য বিভাগৰ সহযোগত কালি বিশ্বনাথত বহুলোকৰ ক’ভিড টেষ্ট কৰা হয়।

এই ক’ভিড টেষ্ট কৰা লোকসকলে কিন্তু নিজে আহি ক’ভিড টেষ্ট কৰা নাই। যিসকল লোকে সান্ধ্য আইন নামানি দিনৰ এক বজাৰ পিছতো বাহিৰত ঘুৰি ফুৰিছে সেই সকল লোকক ধৰি স্বাস্থ্য বিভাগৰ লোকে বিশ্বনাথৰ বহু কেইটা প্ৰান্তত পথৰ কাষত বহুৱাই অস্থায়ী ক’ভিড টেষ্ট শিবিৰতে কভিড টেষ্ট কৰোৱায়।

বিশ্বনাথ চাৰিআলিৰ পুলিচ প‌ইন্টত বিশ্বনাথ মহকুমা ৰাজহ চক্ৰ বিষয়া দেবানন্দ নাথৰ উপস্থিতিত আৰক্ষীৰ দলৰ সহযোগত কাৰ্ফিউ ভংগ কৰা লোকসকলক ক’ভিড টেষ্ট কৰোৱাৰ ব্যৱস্থা কৰা হয়।

মুঠতে ক’ভিড পৰিস্থিতিত বাহিৰত ঘুৰি ফুৰা লোকসকলৰ ক’ভিড টেষ্ট সম্পন্ন কৰাৰ ক্ষেত্ৰত কঠোৰ হৈ পৰিছে জিলা প্ৰশাসন ।

Related News