NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথ আৰক্ষীৰ অভিযানত জব্দ ২৮ টাকৈ চোৰাংভাবে সৰবৰাহ কৰা গৰু, দুজনক গ্ৰেপ্তাৰ

Posted by: কাজী জেইদুল ইছলাম,বিশ্বনাথ Updated by: কাজী জেইদুল ইছলাম,বিশ্বনাথ May 7, 2022 7:25 pm

বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ অভিযানত জব্দ হ’ল AS 01KC:4886 নম্বৰৰ ট্ৰাক সহ ২৮ টা কৈ চোৰাং ভাবে কঢ়িয়াই নিয়া গৰু।

আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰে দুজনকৈ লোকক।

বান্দৰদোৱাৰ পৰা খাৰুপেতিয়ালৈ এই গৰু কেইটা এখন ট্ৰাকত লৈ গৈ থকা সময়ত বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ সন্মুখত জব্দ কৰে অবৈধ ভাবে কঢ়িয়াই নিয়া গৰু কেইটা।

উল্লেখ্য যে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জিত কুমাৰ ৰায়ে লাভ কৰা তথ্যৰ ভিত্তিতে থানাৰ সন্মুখৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ কৰিবলৈ সক্ষম হয় ২৮ টাকৈ চোৰাংকৈ সৰবৰাহ কৰা থকা গৰু।

গ্ৰেপ্তাৰ কৰে এই গৰু সৰবৰাহৰ লগত জড়িত থকা জমচেৰ আলি আৰু আবু ছায়েদ নামৰ দুজন ব্যক্তিক।

ইয়াৰ পূৰ্বেও বিশ্বনাথ সদৰ আৰক্ষী থানাই প্ৰায় ২০০ টাতকৈ অধিক চোৰাংভাবে কঢ়িওৱা গৰু জব্দ কৰিবলৈ সক্ষম হৈছিল ।