NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথ আৰক্ষীৰ অভিযানত অবৈধ অৰুণাচলী সুৰা ভৰ্তি ট্ৰাক জব্দ; এজনক আটক

Posted by: কাজি জেইদুল ইছলাম, বিশ্বনাথ Updated by: কাজি জেইদুল ইছলাম, বিশ্বনাথ December 17, 2021 6:50 am
biswanath illegal liquor

বৃহস্পতিবাৰে নিশা বিশ্বনাথ সদৰ আৰক্ষী থানাৰ এক অভিযানত জব্দ কৰা হয় বৃহৎ পৰিমানৰ অৰুণাচলী বিয়েৰ আৰু সুৰা।

প্ৰায় ৮০০ কাৰ্টনতকৈয়ো অধিক সুৰা লৈ বান্দৰডোৱাৰ পৰা বিশ্বনাথৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ তেজপুৰ দিশে অবৈধভাবে সুৰাখিনি লৈ গৈ থকা অৱস্থাতে বিশ্বনাথ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জিত কুমাৰ ৰয়ৰ নেতৃত্বত আৰক্ষীৰ অভিযানকাৰী দলে ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে এই বৃহৎ পৰিমানৰ অবৈধ সুৰাখিনিৰ লগতে আটক কৰে সুৰা ভৰ্তি ট্ৰাকখনৰ চালক লোহিত বাহাদুৰ বিশ্বকৰ্মাক।

বিশ্বনাথ সদৰ আৰক্ষী থানাৰ দলটোৱে গোপন সূত্ৰৰ পম খেদি এই অভিযান চলাই সাফল্য লাভ কৰিবলৈ সক্ষম হয়।

ইতিমধ্যে বিশ্বনাথ সদৰ আৰক্ষীয়ে ট্ৰাকখন নিজৰ জিম্মাত ৰাখি থৈছে যদিও শুকুৰবাৰে এই সুৰাখিনি আবকাৰী বিভাগক চমজাই দিব বুলি জানিব পৰা গৈছে।

ট্ৰাকখনত বিয়েৰ আৰু সুৰা মিলি প্ৰায় ২৫ লাখ টকা মানৰ সুৰা আছে বুলি অনুমান কৰা হৈছে।