NORTHEAST NOW (Assamese)
অসম

মোহভংগ! এইবাৰ বিজেপিলৈ নহয়, বিজেপি-এজিপিৰ পৰা কংগ্ৰেছ দলত যোগদান

Posted by: পার্শ্বজোতি গগৈ, শিৱসাগৰ Updated by: পার্শ্বজোতি গগৈ, শিৱসাগৰ January 9, 2022 2:29 pm
Sibsagar joining in congress

শিৱসাগৰৰ বিজেপি দলৰ জিলা পৰ্যায়ৰ নেতা নয়নমণি শইকীয়াৰ নেতৃত্বত অৰ্ধ শতাধিক লোকে কংগ্ৰেছ দলত যোগদান কৰিছে।

আজি শিৱসাগৰ জিলা কংগ্ৰেছ কাৰ্যালয়ত বিৰোধী দলৰ দলপতি তথা বিধায়ক দেৱব্ৰত শইকীয়াৰ উপস্থিতিত এই যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়।

বিজেপি দলৰ প্ৰতি মোহভংগ হোৱাৰ লগতে বিজেপি চৰকাৰে কৰা জনবিৰোধী কামৰ বাবে শাসকীয় বিজেপি দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰা বুলি মন্তব্য কৰে ন-কংগ্ৰেছী সকলে।

উল্লেখ্য যে পৌৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তেই ইটোৰ পিছত সিটো ৰাজনৈতিক দলে আৰম্ভ কৰিছে যোগদান কাৰ্যসূচী।

লগতে পঢ়ক: ৰাজ্যত নৈশ কাৰ্ফিউৰ সময়ত অব্যাহত আছে গৰু, অবৈধ সুৰাৰ চোৰাং সৰবৰাহ

আজিৰ এই যোগদান কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক মনজিৰ গগৈ, শিৱসাগৰ জিলা কংগ্ৰেছৰ সভাপতি লক্ষী সন্দিকৈ, উপ সভাপতি প্ৰবীন বৰুৱা, আইন কোষৰ অধ্যক্ষ বিদ্যুৎ গগৈ, শিৱসাগৰ ব্লক কংগ্ৰেছৰ সভাপতি লাচিত মহন, যুৱ নেতা শুভ্ৰমিত্ৰ গগৈ, বিজিত দত্ত, মুস্তাফা খানকে ধৰি বহু কংগ্ৰেছ কৰ্মী উপস্থিত থাকে।

ইপিনে,পঞ্জাবৰ ফিৰোজপুৰত বুধবাৰে প্ৰতিবাদকাৰীয়ে প্ৰধানমন্ত্ৰীক আৱদ্ধ কৰি থোৱা কাৰ্য এক নাটকৰ বাহিৰেও আন একো নহয় বুলি মন্তব্য কৰে বিৰোধী দলপতি তথা নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই।

তেওঁ কয়,’’মোদীৰ জনপ্ৰিয়তা হ্ৰাস হৈ আহিছে। সেয়ে এতিয়া নাটক ৰচনা কৰিছে বিজেপিয়ে। দ্বিতীয়তে যিখন সভাত ৭০ হেজাৰ মানুহ হ’ব বুলি কৈছিল সেইখন সভাত ৭ হেজাৰ মানুহৰো সমাৱেশ নোহোৱাত নৰেন্দ্ৰ মোদীয়ে নাটক কৰিলে।‘’