NORTHEAST NOW (Assamese)
অসম

বিজেপিৰ নতুন তিনিটা সমষ্টিৰ প্ৰাৰ্থী ঘোষণা; আশা নিৰ্বাপিত শিলাদিত্য দেবৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 10, 2021 3:04 pm
Siladitya-1-1-750x375

বুধবাৰে বিজেপিয়ে আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বাবে তিনিটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে।

হোজাই, ছিপাঝাৰ আৰু হাইলাকান্দি সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে বিজেপিয়ে।

বিজেপিয়ে ঘোষণা কৰা এই প্ৰাৰ্থী তালিকাত নাম নাহিল হোজাইৰ বিজেপি বিধায়ক শিলাদিত্য দেবৰ। আশা কৰা মতেই হোজাইত এইবাৰ বিজেপিৰ প্ৰাৰ্থিত্ব লাভ কৰিলে ৰামকৃষ্ণ ঘোষে।

বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ঘোষণা কৰা অনুসৰি ছিপাঝাৰ সমষ্টিত অগপৰ পৰা আহি বিজেপিত যোগদান কৰা ড০ পৰমানন্দ ৰাজবংশীক প্ৰাৰ্থিত্ব দিয়া হৈছে।

আনহাতে, হাইলাকান্দিত বিজেপিয়ে প্ৰাৰ্থিত্ব দিছে মিলন দাসক।

ইপিনে, বিজেপিৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈ নিজৰ ক্ষোভ প্ৰকাশ কৰিছে শিলাদিত্য দেবে। দলে তেওঁক গতিয়াই উলিয়াই দিয়া বুলিও ফেচবুকত আক্ষেপ প্ৰকাশ কৰে।

 

উল্লেখ্য যে বহুবল্কিতাৰ বাবে টিকটৰ পৰা বঞ্চিত হোৱাৰ উমান পাইয়ে শেহতীয়াকৈ তেওঁ নতুন দিল্লীত সংবাদমাধ্যমৰ আগত ৰাজ্যিক নেতৃত্বৰ ওচৰত ক্ষমাও খুজিছিল।