NORTHEAST NOW (Assamese)

উপ-নিৰ্বাচনৰ বাবে অসমৰ ৩ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা

October 19, 2024 9:00 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

আজি উপ-নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা হয়। প্ৰকাশিত প্ৰাৰ্থীতালিকা অনুসৰি বিহালীত দিগন্ত ঘাটোৱাৰক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে।

চামগুৰিত ৰাজ্যিক বিজেপিৰ সম্পাদক দীপ্লুৰঞ্জন শৰ্মাক দিয়া হৈছে প্ৰাৰ্থিত্ব।

ইফালে, ধলাইত নিহাৰ ৰঞ্জন দাসক দিয়া হৈছে প্ৰাৰ্থিত্ব।

উল্লেখ্য যে, অসমৰ পাঁচটা সমষ্টি ক্ৰমে বিহালী, চামগুৰি, ধলাই, ছিদলী আৰু বঙাইগাঁৱত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন। ইয়াৰে বঙাইগাঁও সমষ্টিতো বিজেপিয়ে অগপক এৰি দিয়াৰ বিপৰীতে ছিদলী সমষ্টিটো এৰি দিছে ইউপিপিএলক।

বাকী তিনিটা সমষ্টিত প্ৰাৰ্থী আগবঢ়াইছে বিজেপিয়ে। উল্লেখযোগ্য যে লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছৰে পৰা খালী হৈ আছিল এই পাঁচটা সমষ্টিৰ বিধায়ক পদ।

Related News