NORTHEAST NOW (Assamese)
অসম

বিপিএফৰ লগত বিজেপিৰ মিত্ৰতা চূড়ান্ত পৰ্যায়ত : বিৰোধী ঐক্যত চামিল হ’ব নেকি ইউ পি পি এল?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 28, 2026 10:16 am

অসমৰ আগন্তুক নিৰ্বাচনী ৰাজনীতিৰ সমীকৰণ স্পষ্ট কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ ঘোষণা কৰি কয় যে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বি পি এফৰ লগতে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ সৈতে বিজেপিৰ মিত্ৰতা প্ৰায় চূড়ান্ত হৈছে।

সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে যে অহা ১০ মাৰ্চৰ পূৰ্বে অসম গণ পৰিষদৰ সৈতেও মিত্ৰতাৰ বিষয়টো চূড়ান্ত ৰূপ দিয়া হ’ব।

অৱশ্যে এইবাৰৰ নিৰ্বাচনত মিত্ৰতাৰ মাজতো এক বিশেষ কৌশল অৱলম্বন কৰাৰ ইংগিত দি তেওঁ কয় যে যিবোৰ সমষ্টিত বিজেপিৰ সাংগঠনিক স্থিতি অত্যন্ত শক্তিশালী, সেইবোৰ সমষ্টি অগপক এৰি দিয়া নহ’ব।

ৰাজ্যৰ প্ৰায় ১০০টা সমষ্টিত বিজেপিয়ে প্ৰাৰ্থিত্ব আগবঢ়োৱাটো নিশ্চিত বুলি উল্লেখ কৰি তেওঁ লগতে স্পষ্ট কৰি দিয়ে যে অগপই বিচাৰিলে যিকোনো সমষ্টিতে স্বতন্ত্ৰভাৱে প্ৰাৰ্থিত্ব দিব পাৰিব আৰু প্ৰয়োজন হ’লে দুয়োটা দলৰ মাজত বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা হ’ব। বিজেপিৰ পৰা কোনো সমষ্টিৰ দাবী কৰাৰ পৰিৱৰ্তে অগপক পোনপটীয়াকৈ মনোনয়ন দাখিল কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যিবোৰ সমষ্টিত সহমতত উপনীত হোৱা সম্ভৱ নহয়, তাত দুয়োটা দলেই নিজাকৈ নিৰ্বাচন খেলিব।

বিশেষভাৱে লক্ষণীয় যে অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ উপস্থিতিতে মুখ্যমন্ত্ৰীয়ে এই মন্তব্য আগবঢ়াই মিত্ৰজোঁটৰ ভিতৰচ’ৰাৰ নতুন ৰণনীতিৰ কথা ৰাজহুৱা কৰে।