NORTHEAST NOW (Assamese)
অসম

ইতিহাসেই পাহৰিলে ৰাম নৌজন্মতেই ৰামায়ন লিখা বিজেপিয়ে; ১৯৪৭ত আৱিস্কাৰ কৰিলে বাংলাদেশ!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 10, 2019 1:17 pm
Amit-Shah-Bangladesh-Story

বৰ্তমান কেন্দ্ৰত শাসনভাৰ চম্ভালা বিজেপি দলটোৰ অৱস্থা জ্ঞানে-মানে গঙাটোপ যেন হৈ পৰিছে। ক্ষমতাই বলীয়ান কৰি তোলা দলটোৱে এতিয়া ইতিহাসৰ নতুন অধ্যায় আৱিস্কাৰত ব্যস্ত হৈ পৰিছে।

সোমবাৰে সদনত নাগৰিকত্ব সংশোধনী বিধেয়কৰ ওপৰত বক্তব্য ৰাখি কেন্দ্ৰীয় গৃহ মন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে ১৯৪৭ চনত বাংলাদেশৰ অস্তিত্বৰ কথা ব্যক্ত কৰিছে বুলি বিজেপিয়ে টুইট কৰে।

টুইট অনুসৰি তেওঁ কয় যে ‘’বাংলাদেশত ১৯৪৭চনত সংখ্যালঘুৰ জনসংখ্যা ২২ শতাংশ আছিল যিটো ২০১১চনত ৭.৮ শতাংশলৈ হ্ৰাস পাইছে। এই লোকসকল ক’লৈ গ’ল।‘’

তেওঁ লগতে কয়,’’যিসকলে বিৰোধ কৰিছে তেওঁলোকক মই সুধিব খোজো যে সংখ্যালঘুসকলৰ কি দোষ যাৰ বাবে তেওঁলোক এইদৰে নিশকটীয়া কৰা হৈছে।‘’

BJP Tweet
বিজেপিয়ে কৰা টুইটটো

বিজেপিয়ে এই কথাখিনি অমিত শ্বাহৰ ভাষণৰ সৈতে টুইট কৰিছে। দুৰ্ভাগ্যজনকভাৱে বিজেপিৰ নেতাসকলে বাংলাদেশৰ কেতিয়া জন্ম হৈছিল সেই কথাই নাজানে।

উত্তৰ-পূবৰ ৰাজনৈতিক ইতিহাসৰ ধাৰণা নোহোৱা বিজেপিয়ে উত্তৰ-পূবৰ সুৰক্ষা তথা বিকাশৰ কথা ক’লে স্বাভাৱিকতে প্ৰশ্নৰ অৱতাৰণা হ’ব।

দেশৰ ইতিহাসৰ সামান্যতম জ্ঞান থকা যিকোনো ব্যক্তিয়ে জানে যে বাংলাদেশৰ জন্ম হৈছিল ১৯৭১চনত। কিন্তু ১৯৪৭ চনতে বিজেপিয়ে বাংলাদেশৰ অস্তিত্ব বিচাৰি পালে।

বিজেপিৰ ৰাম নৌজন্মতেই ৰামায়ন লিখাৰ প্ৰৱণতাই আগন্তুক দিনত হয়তো ভাৰতৰ বহু ইতিহাসৰ নতুন অধ্যায় আৱিস্কাৰ কৰিব!