NORTHEAST NOW (Assamese)
অসম

ৰঙাপৰা সমবায় সমিতিৰ নিৰ্বাচনত কংগ্ৰেছৰ হাতত ধৰাশায়ী বিজেপি

Posted by: মনিমালা বৰা September 15, 2018 6:29 pm
Municipal election at Rangapora

চমু চাপি আহিছে নেকি বিজেপিৰ দুৰ্দিন? সন্মুখত থকা পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বে খোদ মন্ত্ৰী পল্লবলোচন দাসৰ সমষ্টি ৰঙাপৰাত আজি অনুষ্ঠিত হোৱা সমবায় সমিতিৰ নিৰ্বাচনত বেয়াকৈ মুখ থেকেচা খাই শাসনাধিষ্ঠ দলটোৱে।

আজি দিনৰ ১২ বজাত ৰঙাপৰাৰে ঠাকুৰবাৰী পথত থকা ৰঙাপৰা সমবায় সমিতিৰ লিমিটেডৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী শোচনীয় ভাৱে পৰাস্ত হোৱাৰ বিপৰীতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৰাকীয়ে অনায়াসে জয় লাভ কৰে।

উল্লেখযোগ্য ১৪ গৰাকী সদস্য-সদস্যাই ভোটদান সাব্যস্ত কৰা সভাপতি পদৰ বাবে অনুষ্ঠিত উক্ত নিৰ্বাচনটোত কংগ্ৰেছৰ হেমচন্দ্ৰ লিম্বুয়ে ১০ টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপি দলৰ মিলাৰ পালে মাত্ৰ ৪ টা ভোটহে লাভ কৰিবলৈ সক্ষম হয়।

আনহাতে. নিৰ্বাচনটোত ৰঙাপৰা সমবায় সমিতিৰ লিমিটেডৰ মুঠ ১৫ গৰাকী সদস্য-সদস্যাই ভোটদান কৰিব লগীয়া আছিল যদিও ইয়াৰে এগৰাকী ভোটাৰ পলমকৈ উপস্থিত হোবাৰ বাবে ভোটদান কৰাৰ পৰা বঞ্চিত থাকিবলগীয়া হয়।

সমবায় বিভাগৰ পৰিৰ্দশক প্ৰসেনজিৎ চৌধুৰীয়ে নিৰ্বাচনটোত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে।

ভোট প্ৰদান কৰা ১৩ গৰাকী সদস্য-সদস্যা হৈছে ক্ৰমে- নিৰন নাৰ্জাৰি, বিকি চাওৰা, ফুকন পাল, ডেভিদ নেভিল, তেজ বাহাদুৰ গুৰুং, নৰেশ তাছা, নিকডিন ভেংৰা, জেকিন বাছফৰ, নুৰৱালা বেগম, বেনু বৰুৱা,ৰোহিনী বৰুৱা আৰু থানেশ্বৰ বৰাইক।