NORTHEAST NOW (Assamese)
অসম

মিত্ৰতাৰ সূত্ৰে আগন্তুক নিৰ্বাচনত টীয়কত বিজেপিৰ প্ৰাৰ্থীক টিকট প্ৰদানৰ দাবী

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক February 8, 2021 1:06 pm
a adhar

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে যোৰহাট জিলাৰ ১০২ নং টীয়ক বিধান সভা সমষ্টিত বিজেপি দলে প্ৰতিদিনেই দলীয় বিভিন্ন স্তৰৰ সৰু বৰ সভা- সমিতি পাতি সাংগঠিনক ভেটি মজবুত কৰাত ব্যস্ত হৈ পৰিছে

শেহতীয়াকৈ টীয়কৰ কলিয়াপানীত বি জে পি দলৰ এখন যোগদান সমাৰোহ অনুষ্ঠিত হয় l

যোগদান সমাৰোহত অগপৰ সৈতে মিত্ৰতা থকা স্বত্বেও দলীয় কৰ্মীয়ে ৰাজহুৱাকৈ অগপ দলৰ প্ৰতি তীব্র অসন্তুষ্টি প্ৰকাশ কৰিছে ।

বিজেপি কৰ্মীৰ অভিযোগ বিগত সময়ত উন্নয়নৰ পৰা বঞ্চিত হৈ ৰ’ল সমষ্টিবাসী ।

মিত্ৰতাৰ সুত্ৰে আগন্তুক নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীক টিকট প্ৰদানৰ দাবী উঠিছে সমষ্টিটোত ।

ইতিমধ্যে ৰাজ্যিক নেতৃত্বৰ ওচৰতো জনাইছে এই দাবী।