NORTHEAST NOW (Assamese)
অসম

ক্ষমতাই মূৰত ধৰা বিজেপিৰ পালিনেতাই গোৱালপাৰা জিলাৰ উপায়ুক্তক দিলে ধমকি

Posted by: এন ই নাও নিউজ February 2, 2019 6:27 pm

ক্ষমতাই মূৰত ধৰা বিজেপিৰ বৰ বৰ নেতাৰ কথা বাদেই, পালিনেতায়ো এতিয়া আই এ এছ বিষয়াক ধমক লগাব পৰা হ’ল। ৰাইজৰ সেৱাৰ বাবে চৰকাৰে নিয়োগ কৰা আই এ এছ বিষয়াক কামৰ পৰা খেদি দিয়াৰ হুংকাৰ দিব পৰা হ’ল। গোৱালপাৰা জিলাত ১ ফেব্ৰুৱাৰিত ঘটা এনেকুৱা এটা ঘটনাই জিলাখনৰ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

১ ফেব্ৰুৱাৰিত গোৱালপাৰা জিলা বিজেপিয়ে তিনিচুকীয়া কাণ্ডৰ প্ৰতিবাদ উলিওৱাৰ সময়তে জিলাখনৰ উপায়ুক্ত বৰ্ণালী ডেকাক চূড়ান্ত অভদ্ৰতাৰে ধমক দিয়ে জিলা বিজেপিৰ সাধাৰণ সম্পাদক দীপাংকৰ ৰয়ে। পিছত এই সমগ্ৰ ঘটনাটোৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

জানিব পৰামতে দীপাংকৰ ৰয়ৰ নেতৃত্বত যোৱা প্ৰতিবাদী সমদলটোৱে নিয়ম-নীতি উলংঘা কৰি জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ত প্ৰৱেশ কৰি বিভিন্ন শ্ল’গান দিয়ে। তাৰ পিছতে উপায়ুক্তক বিচাৰে। উপায়ুক্তগৰাকী সেই সময়ত কিবা কাৰ্য্যসূচীত বাহিৰত থকাত ফোন কৰে সাধাৰণ সম্পাদকজনে।

“ক’ত আছে আপুনি? আপোনাক থাকিবলৈ কোৱা নাছিলো? আপোনাৰ এই মশ্যন নচলিব ইয়াত। আমি এনেকুৱা ডি চি নাৰাখো ইয়াত। সোনকালে ইয়ালৈ আহক।”, ফোনত ৰয়ে অতি অভদ্ৰামিৰে ধমকিৰ সুৰত নিৰ্দেশ দিয়ে উপায়ুক্তগৰাকীক।

ক্ষমতাই মূৰত ধৰা নেতাজনে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াগৰাকীক এইদৰে ভালেমান সময় ফোনতে ধমকি দি থাকে।

‘দায়িত্ব আছে নাই আপোনাৰ? আপোনাক আহিবলৈ কোৱা নাছিলো? আমি এক ঘণ্টা হ’ল ইয়াত থিয় হোৱা। আপুনি সোনকালে ইয়াত আহক।’, নিৰ্দেশ ৰয়ৰ।

চূড়ান্ত অভদ্ৰামি আৰু কৰ্তৃত্ব প্ৰদৰ্শনেৰে তেওঁ উপায়ুক্ত বৰ্ণালী ডেকাক প্ৰশ্ন কৰে, “আপোনাৰ থাকিবৰ ইচ্ছা আছে নে নাই ইয়াত?”

অভিযোগ মতে, দীপাংকৰ ৰয়ক সহযোগ কৰে জিলা বিজেপি যুৱ মৰ্চাৰ সভানেত্ৰী গায়ত্ৰী নাথেও।

বহু দিনৰ মূৰত ক্ষমতাৰ সোৱাদ পাই ওভতগোৰে নাচিবলৈ ধৰা বিজেপিৰ নেতা-পালিনেতাৰ এনেকুৱা আচৰণক লৈ প্ৰতিক্ৰিয়া হৈছে ছ’চিয়েল মিডিয়াতো। বহুকেইজনক পালিনেতাজনৰ এনেকুৱা ওভতগোৰে নচা আচৰণ বিজেপিৰ সুশাসনৰ শ্ল’গানৰ নমুনা বুলি তিৰ্য্যক মন্তব্য কৰা দেখা গৈছে।