NORTHEAST NOW (Assamese)
অসম

টিকট-বঞ্চিত হিমন্তলৈ ‘পুৰস্কাৰৰ আশ্বাস’ ৰাম মাধৱৰ; তাছালৈ ‘পুৰস্কাৰৰ আশ্বাস’ হিমন্তৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া March 24, 2019 10:11 pm
Ram Madhab

টিকটৰ পৰা বঞ্চিতসকলৰ ক্ষোভ প্ৰশমিত কৰিবলৈ বিজেপিত এতিয়া চলিছে “পুৰস্কৃত কৰা”ৰ আশ্বাসৰ জোৱাৰ। টিকট নিদিয়া বাবে অসন্তুষ্ট হৈ আগন্তুক নিৰ্বাচনত দলৰ ক্ষতি যাতে নকৰে তাৰ বাবে বিভিন্ন কৌশল ল’ব লগীয়া হৈছে নেতৃত্বই।

হিমন্ত বিশ্ব শৰ্মাই তেজপুৰৰ পৰা টিকট আশা কৰি আছিল যদিও মন্ত্ৰীজনক ৰাষ্ট্ৰীয় নেতৃত্বই প্ৰতিন্দ্বন্দ্বিতাৰ পৰা আঁতৰত থাকিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ পিছতে হিমন্তই কেইদিনমান নীৰৱতা অৱলম্বন কৰে।

তাৰ দুদিন পিছতে হিমন্তক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ নিদিয়াৰ কাৰণ তেওঁৰ ওপৰত থকা উত্তৰ-পূবৰ গধুৰ দায়িত্ব বুলি ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে এটা টুইট কৰে। তাৰোপৰি দলৰ পৰা এইটো খবৰ প্ৰচাৰ কৰা হয় যে তেওঁক ৰাজ্যসভাৰ সাংসদ কৰি নিয়াৰ পৰিকল্পনা আছে দলটোৰ।

আজি বিজেপিৰ ৰাজ্যিক কাৰ্য্যালয়ত এখন সংবাদমেলত কাষতে বহুৱাই অন্য এক ‘টোপ’ দিয়ে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱেও। সংবাদমেলত ৰাম মাধৱক এগৰাকী সাংবাদিকে প্ৰশ্ন কৰে : অমিত শ্বাহৰ হাতত ৫৪৩খন আসনত নিৰ্বাচন জিকোৱাৰ দায়িত্ব থকাৰ পাছতো তেওঁ নিজে নিৰ্বাচনৰ প্ৰাৰ্থী। তেনে পৰিপ্ৰেক্ষিততত হিমন্ত বিশ্ব শৰ্মাক প্ৰাৰ্থী হিচাপে থিয় কৰোৱাত ৰাষ্ট্ৰীয় নেতৃত্বৰ আপত্তি কি যুক্তিত?

যুৱতী সাংবাদিকগৰাকীৰ প্ৰশ্নত কিছু সময়ৰ বাবে থমকি ৰৈছিল যদিও খন্তেক পিছতে অতি কৌশলেৰে উত্তৰ দিয়ে নেতাজনে।

“হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে অমিত শ্বাহে আৰু ভাল কিবা চিন্তা কৰিছে বা ইয়াতকৈও ভাল কিবা দায়িত্ব দিব পাৰে”, ৰাম মাধৱে কয়।

ৰাম মাধৱৰ এই উত্তৰ শুনি সংবাদমেলত কাষতে মলিন বদনে  বহি থকা হিমন্তৰ মুখত কিছু সময়ৰ বাবে দেখা গৈছিল এমোকোৰা হাঁহিৰ পোহৰ।

হিমন্তৰ মুখত হাঁহি দেখি পুনৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে ৰাম মাধৱ।

“ইয়াত তেওঁ ৫-৬খন চৰকাৰ চম্ভালি আছে। কেৱল অসমৰে নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ নিৰ্বাচনী প্ৰচাৰৰ দায়িত্বত আছে হিমন্ত বিশ্ব শৰ্মা”, হিমন্তলৈ চাই মাধৱৰ সংযোজন।

একেদৰে টিকটৰ পৰা বঞ্চিত বৰ্তমানৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাক সান্ত্বনা দিবলৈ হিমন্তই লয় একেই কৌশল। তাছাৰ কথা সোধাত সাংবাদিকক মন্ত্ৰী হিমন্তই কয়,“জুন মাহত কামাখ্যা প্ৰসাদ তাছাৰ দিন ভাল হ’ব। টিকট বঞ্চিত সকলোৰে ভাল হ’ব পাৰে, কিন্তু কামাখ্যা প্ৰসাদ তাছাৰ দিন ভাল হ’ব বুলি জানো।”

মন কৰিব লগীয়া যে অহা জুনত অসমৰ ৰাজ্যসভাৰ দুখন আসন খালী হ’ব। সাংসদ শান্তিয়াজ কুজুৰ আৰু মনমোহন সিঙৰ কাৰ্য্যকাল শেষ হ’ব জুন মাহত। কিন্তু দুখনৰ এখন আসন অগপক দিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ গেৰুৱা দলটো। তেনে ক্ষেত্ৰত নিজ দলৰ এজন সাংসদক ৰাজ্যসভালৈ নিৰ্বাচন কৰি পঠিয়াব পাৰিব বিজেপিয়ে।

আজি সংবাদমেলত ৰাম মাধৱে টিকটৰ পৰা বঞ্চিত জ্যেষ্ঠ নেত্ৰী তথা সাংসদ বিজয়া চক্ৰবৰ্তী আৰু সাংসদ ৰমেন ডেকাক কাষত বহুৱাই লোৱাটোও আছিল মন কৰিব লগীয়া।