NORTHEAST NOW (Assamese)
অসম

চাৰিখন ৰাজ্যৰ নিৰ্বাচনলৈ লক্ষ্য ৰাখি পে’ট্ৰল-ডিজেলৰ দাম কমাইছে বিজেপি চৰকাৰে : কংগ্ৰেছ

Posted by: অনিৰ্বাণ পাঠক October 5, 2018 8:28 pm
APCC

পে’ট্ৰল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে ৰাইজৰ মূৰত মাধমাৰ শোধাই থকাৰ সময়তে কেন্দ্ৰ আৰু ৰাজ্যত শাসনত থকা বিজেপি নেতৃত্বাধীন চৰকাৰখনে হঠাৎ পে’ট্ৰল-ডিজেলৰ মূল্য আঢ়ৈ টকাকৈ হ্ৰাস কৰিলে। এই মূল্য হ্ৰাসত সৰ্বসাধাৰণ ৰাইজে সামান্য সকাহ পাইছিল যদিও ইয়াক লৈ বহুতৰ মনত কৌতুহলৰো সৃষ্টি হৈছিল। কিন্তু পে’ট্ৰল-ডিজেলৰ মূল্য হ্ৰাস কৰা কাৰ্যক বিজেপিৰ এক নিৰ্বাচনী চমক আখ্যা দিছে বিৰোধী কংগ্ৰেছে।

শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয়, “বিজেপিয়ে ৰাইজৰ স্বাৰ্থত পে’ট্ৰল-ডিজেলৰ দাম কমোৱা নাই। একমাত্ৰ চাৰিখন ৰাজ্যৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিহে ভোটৰ স্বাৰ্থত দাম কমাইছে। বিজেপিয়ে একে কাৰ্য গুজৰাট আৰু কৰ্ণাটকৰ নিৰ্বাচনৰ সময়তো কৰিছিল।”

উল্লেখ্য যে অহা নৱেম্বৰ আৰু ডিচেম্বৰ মাহৰ ভিতৰত মিজোৰাম, ছত্তিছগড়, মধ্য প্ৰদেশ আৰু ৰাজস্থানৰ বিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।

ৰিপুণ বৰাই লগতে কয় যে ইয়াৰ পূৰ্বে বিজেপিয়ে গুজৰাট বিধান সভা নিৰ্বাচনৰ পূৰ্বে পে’ট্ৰল-ডিজেলৰ মূল্য হ্ৰাস কৰিছিল। ইয়াৰ উপৰি কৰ্ণাটকৰ নিৰ্বাচনৰ আগৰ ১৯ দিনো দাম বাঢ়িবলৈ দিয়া নাছিল বিজেপি চৰকাৰে। কিন্তু ভোট গ্ৰহণৰ দিনা গধূলিলৈ একেবাৰতে আঢ়ৈ টকা দাম বঢ়াই দিছিল বুলি তেওঁ মন্তব্য কৰে।

“বিজেপি চৰকাৰে কৈ আছিল যে পে’ট্ৰল ডিজেলৰ মূল্যবৃদ্ধিত তেওঁলোকে একো কৰিব নোৱাৰে। ই আন্তৰ্জাতিক বজাৰৰ দ্বাৰা নিৰ্ধাৰিত হয়। কিন্তু সেয়াই যদি হয় এতিয়া কেনেকৈ তেওঁলোকে দাম কমাব পাৰিলে”, ৰিপুন বৰাৰ প্ৰশ্ন।

যদি চৰকাৰে দাম কমাবই পাৰে আগতে কিয় কমোৱা নাছিল আৰু যদি সঁচাকৈয়ে ৰাইজৰ স্বাৰ্থতেই দাম কমাইছে ইমান দিনে কিয় কমোৱা নাছিল বুলিও তেওঁ প্ৰশ্ন কৰে।