NORTHEAST NOW (Assamese)
অসম

হিন্দুৰ নাম লৈ অসমৰ জাতি জনগোষ্ঠীক উপলুঙা কৰিছে বিজেপিয়ে : অসম জাতীয় পৰিষদ

Posted by: পুলেন্দ্ৰ দাস Updated by: পুলেন্দ্ৰ দাস December 22, 2020 6:25 pm

‘‘হিন্দুৰ নাম লৈ অসমৰ জাতি জনগোষ্ঠীক উপলুঙা কৰিছে বিজেপিয়ে,’’এই মন্তব্য অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক গোবিন্দ গায়নৰ ৷

আজি বৰপেটাত সম্বৰ্ধনা গ্ৰহণ কৰি সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰে গায়নে।

নৱ গঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ সাংগঠনিক সম্পাদক গৰাকীয়ে লগতে কয় যে, বিজেপিয়ে নীলাৰ বিশালতা আৰু মহত্বৰ বিষয়ে নাজানে বাবে অসম জাতীয় পৰিষদৰ পতাকাক লৈ বিজেপিৰ একাংশ নেতাই  টুলুঙা মন্তব্য আগবঢ়াইছে।

উল্লেখ যোগ্য যে, অসম জাতীয় পৰিষদৰ বৰপেটা জিলা কাৰ্যালয়ত জিলা সমিতিৰ মুখ্য আহ্বায়ক গৌতম পাঠকৰ সভাপতিত্বত আজি অনুষ্ঠিত সম্বৰ্ধনা সভাত অসম জাতীয় পৰিষদৰ নৱ নিৰ্বাচিত কেন্দ্ৰীয় সাংগঠনিক সম্পাদক গোবিন্দ গায়নক সম্বৰ্ধনা জনোৱা হয়।

সম্বৰ্ধনা গ্ৰহণ কৰি অসম জাতীয় পৰিষদৰ নেতা গৰাকীয়ে দলীয় সতীৰ্থ সকলক নিষ্ঠা আৰু সততাৰে আঞ্চলিকতাবাদক শক্তিশালী কৰাৰ বাবে কাম কৰি যাবলৈ আহ্বান জনায়৷