NORTHEAST NOW (Assamese)
অসম

আকৌ পোহৰলৈ নিযুক্তি কেলেংকাৰী : চাকৰি দিয়াৰ নামত ঘোচ লৈ গ্ৰেপ্তাৰ বিজেপি নেতা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 23, 2023 8:47 pm

এগৰাকী মহিলাক চাকৰি দিয়াৰ বাবে ১ লাখ টকা উৎকোচ লোৱাৰ অভিযোগত আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিজেপিৰ এগৰাকী নেতাক।

জাহানাৰা বেগম নামৰ এগৰাকী মহিলাক চাকৰি প্ৰদান কৰিম বুলি কৈ ১ লাখ টকা ঘোচ লোৱা বিজেপি নেতাগৰাকীৰ নাম সৌৰভ চৌধুৰী। হোজাইৰ শীৰ্ষস্থানীয় বিজেপি নেতা সৌৰভ চৌধুৰী। 

জাহানাৰা বেগম নামৰ মহিলাগৰাকীয়ে দাবী কৰা মতে, অভিযুক্ত সৌৰভ চৌধুৰীয়ে মহিলাগৰাকীৰ পৰা ১ লাখতকৈও অধিক সংগ্ৰহ কৰিছিল।

শেহতীয়াকৈ ধল পুখুৰী মণ্ডল ব্লকৰ সভাপতি হিচাপে নিযুক্তি লাভ কৰা এই নেতাগৰাকী পূৰ্বে বিজেপি যুৱ মৰ্চাৰ নেতা আছিল।

অভিযোগ অনুসৰি তেওঁ মহিলাগৰাকীক জিলাখনৰ ধল পুখুৰী অঞ্চলৰ এখন প্ৰাথমিক বিদ্যালয়ত চাকৰি দিয়া হ’ব বুলি কৈছিল। আনকি নিযুক্তি পত্ৰও প্ৰদান কৰিছিল মহিলাগৰাকীক। কিন্তু বিদ্যালয়খনত যোগদান কৰিবলৈ যোৱাৰ সময়ত নিযুক্ত পত্ৰখন ভুৱা বুলি জানিব পাৰে মহিলাগৰাকীয়ে।

এই ঘটনাৰ পিছতেই আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে।