NORTHEAST NOW (Assamese)
অসম

বিজেপি নেতা কুলেন্দ্ৰ দাউলাগুপু ক’ভিড পজিটিভ

Posted by: পংকজ কুমাৰ দেব Updated by: পংকজ কুমাৰ দেব August 18, 2020 6:16 pm
BJP leader Kulendra Daulagupu tests COVID19 positive

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন ইএম, বিজেপি নেতা কুলেন্দ্ৰ দাউলাগুপু ক’ভিড পজিটিভ চিনাক্ত হৈছে।

বৰ্তমান তেওঁক হাফলং অসামৰিক চিকিৎসালয়ৰ ক’ভিড কেয়াৰ চেন্টাৰত ৰখা হৈছে।

অৱশ্যে তেওঁৰ পৰিয়ালৰ বাকী সদস্য সকলৰ ৰিপ’ৰ্ট নিগেটিভ।

তেওঁৰ পত্নীৰ ডিপাৰ্টমেণ্টেল ষ্ট’ৰ বেছেং মাৰ্টৰ আটাইবোৰ কৰ্মীৰ ৰিপ’ৰ্টো নিগেটিভ আহিছে।

উল্লেখনীয় যে পাৰ্বত্য জিলাত ক’ভিড আক্ৰান্ত প্ৰথমগৰাকী ৰাজনৈতিক নেতা হ’ল দাউলাগুপু। তেওঁৰ সৈতে যোগাযোগ কৰাত তেওঁ কয় যে কালি অলপ অসুস্থতা অনুভৱ কৰাৰ পাছত তেওঁ ৰেপিড টেষ্ট কৰায় আৰু তাত ক’ভিড পজিটিভ পোৱা যায়।

পাছত পৰিয়ালৰ আটাইবোৰ সদস্যৰ পৰীক্ষা কৰা হয়।

পাৰ্বত্য জিলাত এতিয়ালৈকে ক’ভিড পজিটিভ ৰোগীৰ সংখ্যা ৩১৩। সুস্থ হৈ ঘৰলৈ উভতি গৈছে ২০৮।

জিলাখনত বৰ্তমান সক্ৰিয় ক’ভিড ৰোগীৰ  সংখ্যা ৭৫।

জিলাখনত অৱশ্যে এতিয়ালৈকে ক’ভিডত মৃত্যুৰ কোনো তথ্য নাই।