NORTHEAST NOW (Assamese)
অসম

বিজেপি নেতা মহেন্দ্ৰ সিঙৰ উদ্ভট মন্তব্য : মোদী প্ৰধান মন্ত্ৰী হোৱাৰ পৰা বাৰাক অ’বামাই কয় গুজৰাটী, ইংলেণ্ডে চিঞৰে ভাৰত মাতা কী জয়

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া March 7, 2019 10:33 pm
Mahendra Sing

বিজেপিৰ নেতাসকলৰ মন্তব্যই সদায়ে দেশবাসীক আমোদৰ খোৰাক যোগায় অহাটো নতুন কথা নহয়। তথাপি আজি নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰধান মন্ত্ৰী মোদীৰ প্ৰশংসা কৰিবলৈ গৈ কিছুমান উদ্ভট মন্তব্য কৰি অসমৰ প্ৰভাৰী মহেন্দ্ৰ সিঙে সকলোৰে চকু কপালত তুলিলে।

পৌৰ নিগম, পৌৰসভা আৰু নগৰ সমিতিৰ প্ৰতিনিধিসকল উপস্থিত থকা অসম বিজেপিৰ এখন বিশেষ সাংগঠনিক সভাত মোদীৰ প্ৰশংসা কৰি গেৰুৱা দলটোৰ নেতাজনে কয়, “যি বাৰাক অ’বামাই ইংৰাজী ভাষাৰ বাহিৰে অন্য ভাষা নকয়, তেওঁ মোদীক লগ পালেই গুজৰাটী ভাষা ক’বলৈ আৰম্ভ কৰে। ‘কেইচু (গুজৰাটী ভাষাত) কেইচু কৈ মোদীৰ সৈতে কৰমৰ্দন কৰে। আমেৰিকাৰ বৈদেশিক মন্ত্ৰীয়ে সবকা সাথ সবকা বিকাশ বুলি ক’বলৈ আৰম্ভ কৰিছে।”

২০১৪ চনৰ পূৰ্বৰ ভাৰতৰ অৱস্থা আৰু বৰ্তমানৰ ভাৰতৰ অৱস্থা তুলনা কৰিবলৈ গৈও সিঙে কেতবোৰ নাভূতনাশ্ৰুত মন্তব্য কৰে।

“২০১৪ চনৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ভাৰতৰ প্ৰধান মন্ত্ৰীৰ টেলিফোন ৰিচিভ কৰা নাছিল।” সিঙে কয়।

ইয়াৰোপৰি, ২০১৪ চনৰ পূৰ্বে ইংলেণ্ডত ‘ভাৰত মাতাৰ জয়’ চিঞৰা আৰু বন্দে মাতৰম গীত গোৱা নিষিদ্ধ আছিল বুলি আন এটা উদ্ভট মন্তব্য কৰে। লগতে নৰেন্দ্ৰ মোদী প্ৰধান মন্ত্ৰী হোৱাৰে পৰা ইংলেণ্ডে সমীহ কৰি এই সকলোবোৰ মানি লোৱা বুলি দাবী কৰে মহেন্দ্ৰ সিঙে।

“যেতিয়া ২০১৫ চনত নৰেন্দ্ৰ মোদী ইংলেণ্ডলৈ গৈছিল তেতিয়া সকলো ইংলেণ্ডবাসীয়ে ভাৰত মাতা কী জয় ধ্বনি দিয়াৰ উপৰি বন্দে মাতৰম গীত গাইছিল”, নিজৰ দলৰ কৰ্মীসকলৰ আগত সিঙৰ দাবী।

তাতকৈও হাস্যকৰভাৱে জন্মু-কাশ্মীৰত পাকিস্তানী সন্ত্ৰাসবাদীয়ে আহি আত্মঘাতী বোমাৰে আক্ৰমণ কৰি ভাৰতীয় সেনাৰ ৪০জনকৈ জোৱানক হত্যা কৰাৰ পাছতো ‘মোদী চৰকাৰ শাসনলৈ অহাৰে পৰা দেশৰ বাহিৰৰ সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিব নাই পৰা’ বুলিহে দাবী কৰে প্ৰভাৰীজনে।

“২০১৪ চনৰ পূৰ্বে ভাৰতৰ ভিতৰত সোমাই সন্ত্ৰাসবাদীয়ে নিৰীহ লোকক হত্যা কৰিছিল। কিন্তু ২০১৪ চনৰ পাছত ম্যানমাৰ আৰু পাকিস্তানত সোমাই ভাৰতে সন্ত্ৰাসবাদীক হত্যা কৰি আহিব পৰা হ’ল।” মহেন্দ্ৰ সিঙে এইদৰে কয়।

সিমানতে শেষ হোৱা নাই বিজেপিৰ নেতাজনৰ আজৱ মন্তব্য। তেওঁ আৰু এখোপ চেৰাই গৈ কয় যে ২০১৪ চনৰ পাছত ভাৰতৰ প্ৰধান মন্ত্ৰীয়ে নেপালৰ প্ৰধান মন্ত্ৰী আৰু ৰাষ্ট্ৰপতিক ভুমিকম্পৰ কথা ফোন কৰি জনাব লগীয়া হৈছিল।

“নেপালৰ বিধ্বংসী ভূমিকম্পটো হওঁতে নেপালৰ প্ৰধান মন্ত্ৰী আৰু ৰাষ্ট্ৰপতিয়ে খবৰ পোৱাৰ পূৰ্বেই মোদীয়ে খবৰ পাইছিল আৰু নেপালৰ প্ৰধান মন্ত্ৰী, ৰাষ্ট্ৰপতিয়ে নিবিচৰাকৈ  ভাৰতৰ পৰা সেনা-জোৱানক নেপালৰ লোকসকলক ৰক্ষাৰ বাবে নেপালত উপস্থিত হৈছিল। এয়াই ২০১৪ চনৰ পাছৰ ভাৰতবৰ্ষ”, গেৰুৱা দলৰ নেতাজনৰ মন্তব্য।