NORTHEAST NOW (Assamese)

‘বিজেপিৰ নেতাৰ কন্যাই মুছলমান যুৱকক বিয়া কৰালে প্ৰেম, আনে কৰিলে জেহাদ’

April 13, 2023 6:01 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 13, 2023 7:42 pm

ছট্টিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে বুধবাৰে ভাৰতীয় জনতা পাৰ্টিৰ দ্বিচাৰিতাক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে। মুখ্যমন্ত্ৰী বাঘেলে অভিযোগ উত্থাপন কৰি কয় যে বিজেপি নেতাৰ কন্যাই মুছলমানক বিবাহ কৰালে প্ৰেম বুলি কোৱা হয়, কিন্তু আন কোনোবাই কৰিলে ইয়াক ‘লাভ জেহাদ’ বুলি অভিহিত কৰে বিজেপিয়ে।

ছট্টিশগড়ৰ বিলাসপুৰ চহৰত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিজেপিয়ে বিগত সপ্তাহত বেমেতাৰা জিলাৰ বীৰাণপুৰ গাঁৱত সংঘটিত সাম্প্ৰদায়িক হিংসাৰ ৰাজনৈতিক সুবিধা ল’বলৈ চেষ্টা কৰা বুলিও অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

ভুক্তভোগীৰ পৰিয়ালক সাক্ষাৎ কৰাৰ অন্তত মুখ্যমন্ত্ৰী বাঘেলে কয় যে উপায়ুক্ত পৰ্যায়ৰ বিষয়াসকলে বিষয়টো তদন্ত কৰি আছে। মৃতকৰ পৰিয়ালৰ এজন সদস্যক চাকৰি দিয়াৰ লগতে ১০ লাখ টকাৰ সাহায্য দিয়া হ’ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰী বাঘেলে।

ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, “কিছু আন্তঃধৰ্মীয় বিবাহৰ পিছত বীৰাণপুৰত উত্তেজনা আৰম্ভ হোৱা বুলি বিজেপিয়ে কৰা দাবী সন্দৰ্ভত সোধাত মুখ্যমন্ত্ৰী বাঘেলে কয় যে, ‘বিজেপিয়েও বিষয়টোৰ (সংঘৰ্ষ) তদন্ত কৰা নাছিল, নৰে বন্ধ আহ্বান কৰাৰ পূৰ্বে কোনো প্ৰতিবেদন দাখিল কৰা নাছিল। ৰাজনৈতিক সুবিধা ল’বলৈ চেষ্টা কৰিছে বিজেপিয়ে।”

মুখ্যমন্ত্ৰী বাঘেলে সাংবাদিকক প্ৰশ্ন কৰে, “বিজেপিয়ে লাভ জেহাদৰ কথা কয়। যেতিয়া বিজেপিৰ জ্যেষ্ঠ নেতাৰ কন্যা সন্তানক মুছলমানৰ সৈতে বিয়া দিয়ে এইটো কিয় লাভ জেহাদৰ ভিতৰত নপৰে? আপোনালোকে সোধক যে ছট্টিশগড়ৰ বিজেপিৰ সবাতোতকৈ জ্যেষ্ঠ নেতাৰ কন্যা কাৰ লগত বিয়া হৈছে। এইটো লাভ জেহাদ নহয় নেকি? তেওঁ বিজেপি নেতা কন্যা হোৱাৰ বাবে এয়া প্ৰেম আৰু আনে এনে কৰিলে সেয়া জেহাদ হয়।”

Related News