NORTHEAST NOW (Assamese)

বি জে পিয়ে হৰ্চ ট্ৰেডিং কৰিব পাৰে,সেয়া নুই কৰিব নোৱাৰি : খাম্ফা বৰগয়াৰী

April 23, 2021 2:21 pm · ৰিনয় বসুমতাৰী
Updated: April 23, 2021 2:23 pm

বি পি এফৰ ১২ জন প্ৰাৰ্থী বিজয়ী হব। অসমত মহাজোঁটৰ চৰকাৰ হব। এই মন্তব্য  বি পি এফৰ জ্যেষ্ঠ নেতা খাম্ফা বৰগয়াৰীৰ।

বি টি চিত ইউ পি পি এলৰ মিত্ৰজোঁট চৰকাৰক  অবৈধ চৰকাৰ আখ্যা দি বৰগয়াৰীয়ে কয় যে তিনিটা মাহতে বি টি চিত এই চৰকাৰে ১৫-২০ শতাংশ কমিচন সংগ্ৰহ কৰি ধন উপাৰ্জন কৰিবলৈ লৈছে।

সেয়া ৰাইজে বুজি পাইছে গতিকে ৰাইজে বি টি চিত বি পি এফৰ চৰকাৰ বিচাৰিছে।

সোণাপুৰৰ ডিচাং ৰিজৰ্টত কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী ৰাখিছে এই কথা শুনিছোঁ, কিন্তু বি পি এফৰ কোনো প্ৰাৰ্থী তাত নাই , নিজৰ নিজৰ স্থানতে আছে— ৰিজ’ৰ্ট পলটিক্স সন্দৰ্ভত মন্তব্য কৰি বৰগয়াৰীয়ে এনেদৰে কয়।

কোকৰাঝাৰ চহৰৰ সুভাষপল্লীত ভৰৎ শৰ্মাৰ ” জুলী স্পাইচি” নামৰ থলুৱা মচলা আৰু আচাৰ উদ্যোগ উদ্ধোধন কৰি আজি সাংবাদিকৰ সৈতে মত বিনিময় কৰে বি পি এফৰ জ্যেষ্ঠ নেতা খাম্ফা বৰগয়াৰীয়ে ।

Related News