NORTHEAST NOW (Assamese)

চামগুৰিত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক

October 19, 2020 10:04 pm · বিদ্যুত জ্যোতি বৰা

কংগ্ৰেছৰ নিকৃষ্ট ৰাজনীতিৰ বাবেই বিগত সময়ত অভাৱনীয় ভাবে দুৰ্নীতি সংঘটিত হৈছিল৷ কংগ্ৰেছৰ দিনত প্ৰতিখন আচঁনিৰ নামত নেতা পালিনেতাসকলে পইছা বিচাৰিছিল ৷ কংগ্ৰেছ আৰু আন দলে কেতিয়াও অসমৰ দুখীয়া ৰাইজৰ হকে কাম কৰা নাছিল৷ কেৱল মাত্ৰ ক্ষমতাৰ কাৰনেহে কাম কৰিছিল৷ বৰ্তমান ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই সমভাবাপন্নভাবে আচঁনি গ্ৰহন কৰিছে৷ এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ৷

নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত শালপাৰাৰ খেলপথাৰত আজি অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সভাখনত ৰাজ্যৰ মুখ্য মন্ত্ৰী গৰাকী উপস্থিত থাকি ভাষণ প্ৰসংগত কয় যে ভাৰতীয় জনতা পাৰ্টিয়ে ক্ষমতা দখল কৰি কাকো প্ৰতাৰণা কৰা নাই৷ সকলোকে সমভাবে সামৰি আচঁনি সমুহত অন্তভূক্ত কৰা হৈছে৷

তেওঁ কয় ২০১৬ চনত আমি শাসন ভাৰ গ্ৰহন কৰি সংখ্যালঘু ৰাইজৰ বাবে আমি সমভাবে কাম কৰিছো৷ কিন্ত সেয়া কংগ্ৰেছে কৰা নাই৷

ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সভাখনত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, ৰাজ্যিক সংখ্যালঘু মৰ্চিৰ সভাপতি মুক্তাৰ হুছেইন খান,  ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক সাধাৰন সম্পাদক ফনিন্দ্ৰ নাথ শৰ্মা,  ৰাজ্যিক সম্পাদক দিপ্লুৰঞ্জন শৰ্মা,  কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়া নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিত নাথকে ধৰি বহুকেইজন লোক উপস্থিত থাকে।

Related News