NORTHEAST NOW (Assamese)

C(A)A-ৰ বিৰোধিতা বিজেপি বিধায়কৰ; ক’লে সেইখন ফালি পেলাওক

January 29, 2020 4:48 pm · এন ই নাও নিউজ
নাৰায়ণ ত্ৰিপাঠী

নাগৰিকত্ব (সংশোধন) আইনৰ বিৰোধিতাৰে সমগ্ৰ দেশত আন্দোলন অব্যাহত থকাৰ সময়তে এইবাৰ আইনখনৰ বিৰোধিতা কৰিছে স্বয়ং ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী বিধায়কে।

মধ্যপ্ৰদেশৰ মেহৰৰ বিজেপি বিধায়ক নাৰায়ণ ত্ৰিপাঠীয়ে নাগৰিকত্ব (সংশোধন) আইনৰ বিৰোধিতা কৰি আইনখন ফালি পেলাবলৈ আহ্বান জনায়।

‘‘ধৰ্মৰ নামত দেশত বিভাজন অনা উচিত নহয়। বিতৰ্কিত আইনখন ফালি পেলাওক’’-বিজেপি বিধায়ক গৰাকীয়ে কয়।

আনহাতে, নাগৰিকত্ব (সংশোধন) আইনৰ বিৰোধিতা কৰাৰ পাছত বিজেপিৰ শীৰ্ষ নেতৃত্বৰ পৰা বিধায়ক গৰাকীয়ে কেনেধৰণৰ প্ৰতিক্ৰিয়া লাভ কৰে সেয়া লক্ষ্যণীয় হ’ব।

মধ্যপ্ৰদেশৰ বিজেপি বিধায়ক গৰাকীয়ে দেশত C(A)A-ক লৈ গৃহ কন্দলৰ দৰে পৰিস্থিতি সৃষ্টি হোৱা বুলি অভিযোগ তুলি দেশৰ নিবনুৱা সমস্যা সন্দৰ্ভত চৰকাৰে বেছি মনোযোগ দিয়া উচিত বুলি কয়।

উল্লেযোগ্য যে, নাগৰিকত্ব (সংশোধন) আইন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে বৰ্তমান শুনানি অব্যাহত ৰাখিছে। সৰ্বোচ্চ ন্যায়ালয়ে চৰকাৰক আইনখনৰ সমৰ্থনত যু্ক্তি দিয়াৰ বাবে নিৰ্দেশ দিয়াৰ বিপৰীতে এইক্ষেত্ৰত অসম আৰু ত্ৰিপুৰাৰ শুনানি পৃথককৈ গ্ৰহণ কৰিব বুলি কয়।

Related News