NORTHEAST NOW (Assamese)
Popular Stories

ৰাতিপুৱা মহিলাই লেট্ৰিনলৈ গ’লে, গেছ জ্বলালে মোদীলৈ মনত পেলাই : প্ৰশান্ত ফুকন

Posted by: দ্বীপজ্যোতি শৰ্মা Updated by: দ্বীপজ্যোতি শৰ্মা March 11, 2020 6:26 pm
Prasanta Phukan

ৰাজ্যসভাৰ নিৰ্বাচনক লৈ আজি মত প্ৰকাশ কৰে বিজেপিৰ ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনে।

অজিত কুমাৰ ভূঞাক ৰাজ্যসভাৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাক লৈ কংগ্ৰেছ আৰু এআইয়ুডিএফৰ মিত্ৰতা আজিৰ নহয় পূৰ্বৰে পৰা চলি আছে বুলি ফুকনে কয়।

কংগ্ৰেছ আৰু এআইয়ুডিএফৰ মাজৰ মিত্ৰতাৰ ফলত ২০২১ বৰ্ষৰ নিৰ্বাচনত উজনিত কংগ্ৰেছৰ আৰু নামনিত এআইয়ুডিএফৰ ক্ষতি হ’ব বুলিও বিজেপি বিধায়ক গৰাকীয়ে লগতে কয়।

‘‘আজিৰ দিনত মহিলাই যেতিয়া ৰাতিপুৱা গা ধুৱাৰ পূৰ্বে লেট্ৰিনলৈ যায় তেতিয়া ৰাতিপুৱাই নৰেন্দ্ৰ মোডীক মনত পেলাই, আহি গেছ জ্বলালে, লৰাই স্কুলত ভাত মুঠি পালেই নৰেন্দ্ৰ মোদীলৈ মনত পেলাই,’’ প্ৰশান্ত ফুকনে সংবাদ মাধ্যমৰ আগত কয়।

আনহাতে, ৰাজ্যসভা নিৰ্বাচনত বিজেপিয়ে তৃতীয়খন আসনত প্ৰাৰ্থী নিদিও বুলি মত প্ৰকাশ কৰি ফুকনে বিৰোধীক নিচুকনি বঁটা দিয়া হ’ব যাতে তেওঁলোকে পূৰ্বলৈ আগবাঢ়ি যাব পাৰে বুলি কয়।

হাইদৰ হুছেইনক বিজেপি আৰু এআইয়ুএফে ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে সমৰ্থন আগবঢ়াইছিল বুলি সোধা এক প্ৰশ্নৰ উত্তৰত বিজেপিয়ে কেতিয়াও এআইয়ুডিএফক আহ্বান জনোৱা নাছিল কংগ্ৰেছ বিৰোধী শক্তি সমূহকে একত্ৰিত হোৱাৰ বাবেহে আহ্বান জনাইছিল বুলি কয়।