NORTHEAST NOW (Assamese)
Popular Stories

নতুন পথৰ উদ্বোধনীত নাভাঙিল নাৰিকল, ফাটিল পথ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 4, 2021 8:42 pm
UP road inauguration

উন্নয়নৰ ফটাঢোল কোবোৱা উত্তৰ প্ৰদেশ চৰকাৰৰ এক কামৰ নমুনা এতিয়া সমগ্ৰ দেশজুৰি চৰ্চিত হৈছে। সমগ্ৰ দেশৰ ভিতৰতে উন্নয়নৰ পথত আগুৱাই যোৱা বুলি ঢাক-ঢোল বজাই প্ৰচাৰ কৰা যোগী আদিত্যনাথ নেতৃত্বাধীন উত্তৰ প্ৰদেশ চৰকাৰৰ কামৰ নমুনাই হাস্যৰসৰহে সৃষ্টি কৰিছে।

কিছুদিন পূৰ্বে বংগৰ হাইৱেক উত্তৰ প্ৰদেশৰ বুলি বিজ্ঞাপন প্ৰকাশ কৰি আৰু চীনৰ বিমান বন্দৰৰ ফটো উত্তৰ প্ৰদেশৰ বুলি প্ৰচাৰ কৰি হাঁহিয়াতৰ পাত্ৰ হৈছিল উত্তৰ প্ৰদেশ চৰকাৰ। এইবাৰ উত্তৰ প্ৰদেশ চৰকাৰৰ উন্নয়নৰ নমুনাই সৃষ্টি কৰিছে হাস্যৰসৰ।

উত্তৰ প্ৰদেশৰ বিজনৌৰত ভাৰতীয় জনতা পাৰ্টিৰ এজন বিধায়কে শুক্ৰবাৰে এটি পথৰ উদ্বোধনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰীতি অনুসৰি নতুনকৈ নিৰ্মিত পথটোৰ ওপৰতে এটা নাৰিকল ভাঙিবলৈ চেষ্টা কৰে। কিন্তু হাস্যকৰ ভাৱে নাৰিকলটোৰ ঠাইত নতুনকৈ নিৰ্মিত পথটোহে নাৰিকলৰ আঘাতত ফাটি পৰে।

ইয়াৰ পিছতে বিজেপি বিধায়ক সুচি চৌধুৰীয়ে পথটোৰ নিৰ্মাণৰ তদন্তৰ দাবীত প্ৰতিবাদত বহি পৰে। প্ৰতিবাদৰ পিছত পৰৱৰ্তী সময়ত গ্ৰেভেলৰ নমুনা পৰীক্ষাৰ বাবে লোৱা হয়।

 

ইতিমধ্যে তদন্তৰ বাবে তিনিজনীয়া দল এটা গঠন কৰি সেই স্থানলৈ প্ৰেৰণ কৰা হৈছে। তদন্তকাৰী দলটোৱে পথৰ সামগ্ৰী সংগ্ৰহ কৰিছিল পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

বিজেপি বিধায়ক গৰাকীৰ স্বামী ঐশ্বৰ্য চৌধুৰীয়ে দাবী কৰে যে মুঠ ৭.৫ কিলোমিটাৰ পথৰ মাত্ৰ ৭০০ মিটাৰ হে সাজু আছিল। দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি তেওঁ কয় যে পথটো নিৰ্ধাৰিত মানদণ্ড অনুসৰি নিৰ্মাণ কৰা হোৱা নাই।

সি যি কি নহওক, উদ্বোধনীৰ কাৰ্যসূচীৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছত এতিয়া ই তুমুল হাস্যৰসৰ সৃষ্টি কৰিছে।