NORTHEAST NOW (Assamese)
Popular Stories

বিজেপি সাংসদৰ পত্নীৰ তৃণমূলত যোগদান; ক্ষুব্ধ স্বামীয়ে প্ৰেৰণ কৰিলে বিবাহ বিচ্ছেদৰ জাননী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 21, 2020 4:43 pm

পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে দেখা দিয়া ৰাজনৈতিক অচলাৱস্থাৰ মাজতেই বিজেপি সাংসদ সৌমিত্ৰ খানৰ পত্নী সুজাতাই বিজেপি এৰি তৃণমূল কংগ্ৰেছত যোগদান কৰা কাৰ্যই দেশজুৰি চৰ্চাৰ বিষয় হৈ পৰিছে।

ইফালে সুজাতাৰ তৃণমূলত যোগদান কৰাৰ পিছতেই তেওঁৰ স্বামী সৌমিত্ৰই তেওঁলৈ বিবাহ বিচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে।

উল্লেখ্য যে সৌমিত্ৰ পশ্চিম বংগৰ বিষ্ণুপুৰ লোকসভা সমষ্টিৰ বিজেপি সাংসদ।

সৌমিত্ৰৰ পত্নীয়ে তৃণমূলত যোগদান কৰা প্ৰসংগত তেওঁ কয়, ‘সুজতাই মোক নোসোধাকৈ তৃণমূলত যোগদান কৰিছে’।

বিভিন্ন মিডিয়াত প্ৰকাশিত বাতৰি অনুসৰি, সুজাতা আৰু তেওঁৰ স্বামীৰ মাজত যোৱা কিছুদিনৰ পৰা মতানৈক্য চলি আছে। আৰু আজি সুজতাই তৃণমূলত যোগদান কৰাৰ পিছতেই তেওঁৰ স্বামীয়ে বিবাহ বিচ্ছেদৰ জাননী প্ৰেৰণ কৰা ঘটনাই দুয়োৰে মাজত যে মতবিৰোধ চলি আছিল সেই কথা স্পষ্ট হৈ পৰে।

উল্লেখ্য যে দেশৰ গৃহ মন্ত্ৰী অমিত শ্বাহৰ পশ্চিম বংগ ভ্ৰমণৰ সময়ত ৰাজ্যখনৰ কেইবাজনো তৃণমূলৰ নেতাই বিজেপিত যোগদান কৰিছে।

বিজেপিৰ মতে, বৰ্তমানৰ ১০ গৰাকী বিধায়ক, তৃণমূলৰ এজন সাংসদ আৰু এজন প্ৰাক্তন সাংসদে বিজেপিত যোগদান কৰিছে।

বিজেপিত যোগ দিয়া ১০ জন বিধায়কৰ ভিতৰত ৬ জন তৃণমূলৰ, দুজন চিপিআই(এম)ৰ আৰু চিপিআই আৰু কংগ্ৰেছৰ এজন এজন বিধায়ক।