NORTHEAST NOW (Assamese)
Popular Stories

কংগ্ৰেছ-এ আই য়ু ডি এফৰ মিত্ৰতাক লৈ এতিয়া বিজেপি, বিজেপিৰ নেতা শংকিত : ৰাকেশ চক্ৰৱৰ্তী

Posted by: নীলমণি শৰ্মা Updated by: নীলমণি শৰ্মা September 9, 2020 8:43 am

২০২১ চনৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি শাসক আৰু বিৰোধী পক্ষৰ মাজক আৰম্ভ হৈছে বাক্যবাণৰ খেল।

কংগ্ৰেছ-AIUDFৰ মিত্ৰতাই বিজেপিক একো ক্ষতি নকৰে বুলি কৰি অহা মন্তব্যৰ উত্তৰ দিছে  অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰাকেশ চক্ৰৱৰ্তীয়ে।

ত‍েওঁ কয়, ‘কংগ্ৰেছ আৰু এ আই য়ু ডি এফৰ মিত্ৰতাক লৈ এতিয়া শংকিত বিজেপি। বিজেপিৰ নেতা মন্ত্ৰীৰ মুখত বাৰে বাৰে এই মিত্ৰতাৰ প্ৰসংগই বুজাই দিছে সেই কথা, যদি শংকিত নহ’লহেতেন তেতিয়া কংগ্ৰেছ-AIUDF ৰ কথা সদাই কৈ নাথাকিলেহেঁতেন’।

অহা নিৰ্বাচনত বিজেপি ধৰাসায়ী হ’ব আৰু সেই কথাৰ উমান পাইয়ে তেওঁলোকে চালে বেৰে কোবোৱা কথাবোৰ কৈ আছে বুলিও মন্তব্য কৰে।

বিজেপিৰ ১০০+ আসনৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কয়, ‍‘হিমন্ত বিশ্ব শৰ্মাৰ বা বিজেপিৰ এই অংক ভুল, হিমন্ত বিশ্ব শৰ্মাই কৈছে যে- কংগ্ৰেছ-AIUDFৰ মিত্ৰজোঁটে ৩৫ খনতকৈ বেছি আসন নাপায়, যদি বিজেপিয়ে ১০০ পাই তেন্তে মুঠ আসন ১৩৫ খন হয় কিন্তু আছে ১২৬ খন আসন। বিজেপিয়ে হতাশাত ভুগি এই মন্তব্য কৰি আছে।

হিমন্ত বিশ্ব অংক মাষ্টৰ, মেনেজ মাষ্টৰ হ’লেও এইবাৰ এই অংক ভুল হৈছে বুলিও কটাক্ষ কৰে চক্ৰৱৰ্তীয়ে।

অহা বিধান সভা নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন খেলাৰ পৰা বিৰত থাকিব বুলি যি টুইট কৰিছিল এই সন্দৰ্ভতো কংগ্ৰেছ নেতা গৰাকীয়ে কয়, ‍‘তেখেতে আগতেও বহুবাৰ নিৰ্বাচন নেখেলো বুলি কৈছিল, গতিকে এই কথাৰ কোনো মূল্য নাই, অসমৰ ৰাইজে স্বৰূপ জানে, দুমুখীয়া নীতি, আগদিনা খন যদি কংগ্ৰেছ, পিছদিনাখন আকৌ বিজেপি, পিছত আকৌ AIUDF ও হৈ যাব পাৰে গতিকে এই ধৰণৰ কথাৰ কোনো মূল্য নাই’৷