NORTHEAST NOW (Assamese)
অসম

দুদিনীয়া কাৰ্যসূচী লৈ অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নাড্ডা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 8, 2021 3:11 pm
JP Nadda

অহা ১১-১২ জানুৱাৰিত দুদিনীয়া ভ্ৰমন কাৰ্যসূচী লৈ অসমলৈ আহিব ভাৰতীয় জনতা পাৰ্টি(বিজেপি)ৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নাড্ডা।

আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপি দলৰ কাম-কাজ আৰু সাংগঠনিক ভেটিৰ বিষয়ে বুজ লোৱাৰ উদ্দেশ্যে অসম ভ্ৰমণলৈ আহিব নাড্ডা।

বিজেপি অধ্যক্ষ গৰাকীয়ে গুৱাহাটীত দলৰ নেতা-কৰ্মী সকলৰ লগত এখন সাংগঠনিক সভাত অংশ ল’ব বুলি জানিব পৰা গৈছে।

ক’ভিড-১৯ৰ পৰা সম্পূৰ্ণ আৰোগ্য লাভ কৰা বুলি ঘোষণা কৰাৰ এদিন পিছতেই তেওঁৰ এই অসম ভ্ৰমণৰ কাৰ্যসূচী প্ৰকাশ পাইছে।

জেপি নাড্ডাৰ পিছত অসমলৈ পুনৰ এবাৰ আহিব গৃহ মন্ত্ৰী অমিত শ্বাহ। তেওঁ অহা ২৪ জানুৱাৰিত অসমলৈ আহিব।

উল্লেখ্য যে বিজেপিৰ শীৰ্ষ নেতাসকলে অহা এপ্ৰিল-মে’ মাহৰ ভিতৰত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই এইদৰে অসম ভ্ৰমণলৈ আহিব বুলি ধাৰণা কৰা হৈছে।