NORTHEAST NOW (Assamese)
অসম

নাথুৰামে মহাত্মা গান্ধীক হত্যা কৰিবলৈ ব্যৱহাৰ কৰা বন্দুকটো প্ৰতীক হিচাপে ব্যৱহাৰ কৰক বিজেপিয়ে : ভূপেন বৰা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 21, 2025 8:25 pm
নাথুৰামে মহাত্মা গান্ধীক হত্যা কৰিবলৈ ব্যৱহাৰ কৰা বন্দুকটো প্ৰতীক হিচাপে ব্যৱহাৰ কৰক বিজেপিয়ে : ভূপেন বৰা

শেহতীয়াকৈ কংগ্ৰেছ দলে নিজৰ প্ৰতীক চিহ্নটো ‘হাত’ৰ সলনি ‘লুঙী’ ব্যৱহাৰ কৰিব লাগে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।

মুখ্যমন্ত্ৰীৰ এই মন্তব্যক তীব্ৰ সমালোচনা কৰিছে ভূপেন বৰাই।

বৰাই কয় যে ভাৰতীয় জনতা পাৰ্টিয়ে মহাত্মা গান্ধীক হত্যা কৰিবলৈ নাথুৰাম গডছে ব্যৱহাৰ কৰা বন্দুকটোক দলৰ প্ৰতীক হিচাপে গ্ৰহণ কৰাৰ কথা বিবেচনা কৰিব লাগে।

সংবাদ মাধ্যমক সম্বোধন কৰি ভূপেন বৰাই শৰ্মাৰ এই মন্তব্যক সমালোচনা কৰি কয় যে এসময়ত ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ বহা আসনখনত বহি এজন নেতাই এনে বক্তব্য কৰাতো অসন্মানজনক।

বৰাই কংগ্ৰেছ দলৰ ধৰ্মনিৰপেক্ষতাৰ কথা উল্লেখ কৰি কৰি কয়, “আমাৰ বাবে লুঙী, ধূতি, পায়জামা সকলো সমান। মই সকলোবোৰ পিন্ধো।”