NORTHEAST NOW (Assamese)
অসম

সত্যপাল-ধনখড়ক অৱজ্ঞা কৰিছে দলে; মুকলিকৈ মন্তব্য কৰি বহিষ্কৃত হ’ল বিজেপি নেতা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 10, 2025 9:05 am

দলৰ বিৰুদ্ধে বিৰূপ মন্তব্যৰ বাবে শাস্তিৰ সন্মুখীন হ’ল এগৰাকী নেতা। বিজেপি নেতা তথা ৰাজস্থানৰ দলৰ মুখপাত্ৰ কৃষ্ণ কুমাৰ জানুক ছবছৰৰ বাবে গেৰুৱা শিবিৰৰ পৰা বহিষ্কাৰ কৰা হৈছে। শুকুৰবাৰে এই কথা অৱগত কৰে বিজেপিৰ ৰাজ্যিক অনুশাসন সমিতিৰ সভাপতি অংকৰ সিং লাখাৱাটে।

শেহতীয়াকৈ মৃত্যু হোৱা জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ প্ৰতি দলৰ আচৰণক লৈ প্ৰশ্ন উত্থাপন কৰিছিল কৃষ্ণ কুমাৰে। তেওঁ দাবী কৰে যে দলটোৱে বিজেপিৰ প্ৰাক্তন নেতা সত্যপাল মালিকক অৱজ্ঞা কৰিছে। মালিকৰ শেষকৃত্যৰ কথা উল্লেখ কৰি কৃষ্ণ কুমাৰে হতাশা প্ৰকাশ কৰে।

একে সময়তে তেওঁ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ সৈতে দলৰ সম্পৰ্ক সন্দৰ্ভতো মন্তব্য কৰে। এই ক্ষেত্ৰতো কৃষ্ণ কুমাৰে একে অভিযোগ উত্থাপন কৰে।

তেওঁ পোনপটীয়াকৈ দাবী কৰে যে দলৰ অসন্মানৰ বাবে ধনখড়ে পদত্যাগ কৰিছে। ধনখড়ক এনে কৰিবলৈ বাধ্য কৰা বুলি তেওঁ ইংগিত দিয়ে।

কৃষ্ণ কুমাৰে কাৰণ হিচাপে এটা যুক্তিও আগবঢ়াইছে। তেওঁ কয় যে সত্যপাল মালিক আৰু জগদীপ ধনখড় দুয়োজনেই জাট সম্প্ৰদায়ৰ, সেয়েহে তেওঁলোকৰ প্ৰতি দলৰ এই অৱজ্ঞা।

কেৱল সেয়াই নহয়, এল কে আদৱানী, মুৰলী মনোহৰ যোশী, যশৱন্ত সিনহাৰ দৰে নেতাৰ কথা উল্লেখ কৰি কৃষ্ণ কুমাৰে কয় যে বিজেপিয়ে এই জনপ্ৰিয় নেতাসকলকো সন্মান নকৰে। তেওঁৰ এই বক্তব্যৰ ভিডিঅ’ক কেন্দ্ৰ কৰি আলোড়নৰ সৃষ্টি হয়।