NORTHEAST NOW (Assamese)
অসম

কংগ্রেছৰ অধ্যক্ষ ৰাহুল গান্ধী ননচেন্স, এবাৰ নহয়, এশবাৰ কম : ৰঞ্জিত দাস

Posted by: এন ই নাও নিউজ February 25, 2019 12:17 pm

‘কংগ্রেছৰ অধ্যক্ষ ৰাহুল গান্ধী ননচেন্স। দেশৰ প্ৰধান মন্ত্ৰীক সন্মান কৰিব নজনাজনক এবাৰ নহয়, এশবাৰ কম ননচেন্স বুলি।‘ এই মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে।

দেওবাৰে নলবাৰীৰ পাইকাৰকুছিৰ পাণ্ডাৰথানাত বিজেপিৰ পৃষ্ঠাপ্ৰমুখ সন্মিলনত অংশ লৈ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি ৰাহুল গান্ধী আক্ৰমণৰ লক্ষ্যৰে উক্ত মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে। তাৰোপৰি সন্মিলনতে তেওঁ ৰাহুল গান্ধী দেশৰ প্ৰধান মন্ত্ৰী হোৱাৰ যোগ্যই নহয় বুলি কয়।

ইফালে বিষাক্ত সুৰা সেৱন কৰি শতাধিক লোক নিহত হোৱাৰ ঘটনা প্ৰসংগত ৰাজ্যিক সভাপতি গৰাকীয়ে পূৰ্বৰ চৰকাৰৰ দিনতো চাহ বাগিচা অঞ্চলত চলি থকা চুলাই মদৰ বন্ধৰ দাবী উত্থাপন কৰিছিল আৰু বৰ্তমানো অবৈধ চুলাইৰ প্ৰচলন চলি থকাৰ বাবেই উক্ত ঘটনা সংঘটিত হোৱা বুলি কয়।

উল্লেখযোগ্য যে ৰাজ্যিক সভাপতি গৰাকীয়ে এই সন্মীলনতে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত আগন্তুক লোকসভা নিৰ্বাচনত অগপ-বিজেপিৰ মিত্ৰতাৰ কোনো প্ৰশ্নই নাহে বুলি কয়।