NORTHEAST NOW (Assamese)
অসম

মণিপুৰৰ লিলং সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপি সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থীৰ জয়লাভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 10, 2020 6:12 pm

মণিপুৰত অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনত বিজেপি সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থীয়ে বিজয়ৰ হাহি মাৰিবলৈ সক্ষম হৈছে।

মঙলবাৰে হোৱা ভোট গণনাত বিজেপি সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী ওৱাই আন্টাছ খানে লিলং সমষ্টিৰ পৰা বিজয়ী হয়।

মণিপুৰৰ পাঁচটা বিধানসভা সমষ্টিৰ বাবে অনুষ্ঠিত হোৱা ভোট গণনাত বিজেপিয়ে দুখন আসনত বিজয়ী হোৱাৰ লগতে আন দুখন আসনতো অগ্ৰগতি লাভ কৰি আছিল।

বিগত ৭ নৱেম্বৰত মণিপুৰ বিধানসভাৰ পাঁচটা সমষ্টিৰ বাবে উপ-নিৰ্বাচন অনুষ্ঠিত হৈছিল।

উল্লেখযোগ্য যে, মধ্যপ্ৰদেশত অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনতো অধিকাংশ বিজেপি সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰিবলৈ সক্ষম হৈছে।

মধ্যপ্ৰদেশৰ মুখ্য মন্ত্ৰী শিৱৰাজ সিং চৌহানে বিজয়ী প্ৰাৰ্থী সকললৈ শুভেচ্ছা জ্ঞাপন কৰে।

আনহাতে, নাগালেণ্ডত অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনত দুগৰাকী নিৰ্দলীয় প্ৰাৰ্থী আৰু দুগৰাকী এন ডি পি পিৰ প্ৰাৰ্থী বিজয়ী হয়।