NORTHEAST NOW (Assamese)
দেশ

‘BoycottBollywood’: চিনেমা মনোৰঞ্জনৰ আহিলা আছিল, এতিয়া বিজেপিয়ে ব্যৱহাৰ কৰে প্ৰ’পাগাণ্ডা হিচাপে!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 7, 2023 5:54 pm
BoycottBollywood Akhilesh Yadav

চিনেমা পূৰ্বে মনোৰঞ্জনৰ আহিলা আছিল। কিন্তু এতিয়া বিজেপিয়ে বলীউডৰ চিনেমাক প্ৰপাগাণ্ডা প্ৰচাৰৰ আহিলা হিচাপে ব্যৱহাৰ কৰে। এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে।

শুকুৰবাৰে যাদৱে ভাৰতীয় জনতা পাৰ্টিয়ে নিজৰ ৰাজনৈতিক মতাদৰ্শক প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বলিউডৰ চিনেমাক ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে বলীউডৰ কেইবাগৰাকীও অভিনেতাক সাক্ষাৎ কৰাৰ পাছতে এক টুইট কৰি উত্তৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে এই অভিযোগ কৰে।

অখিলেশ যাদৱে কয় যে চিনেমা মনোৰঞ্জনৰ মাধ্যম যদিও বিজেপি চৰকাৰে ইয়াক ৰাজনৈতিক মতাদৰ্শৰ আহিলা হিচাপে গঢ়ি তুলিছে। কেৱল চিনেমাকে নহয়, ‘ভয় আৰু সন্দেহ’ বিয়পাই দি বিজেপিয়ে ঘৃণাৰে চিনেমা জগতখনকো ছিন্নভিন্ন কৰি পেলাইছে।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে দুদিনীয়া মুম্বাই ভ্ৰমণৰ সময়ত সুনীল ছেট্টী, জেকী শ্ৰুফকে ধৰি বলীউডৰ অভিনেতাসকলক সাক্ষাৎ কৰিছিল। ইয়াৰ এদিন পিছতে অখিলেশ যাদৱে এইদৰে টুইট কৰে।

উল্লেখ্য যে বলীউডৰ শ্বাহৰুখ খান অভিনীত ছবি ‘পাঠান’ক দেশত হিন্দুত্ববাদীসকলে নিষিদ্ধ কৰাৰ দাবী তুলি আহিছে। তেনে সময়তে মুম্বাইত যোগী আদিত্যনাথে বলীউডৰ অভিনেতাক সাক্ষাৎ কৰে।

অভিনেতা সুনীল ছেট্টীয়ে বলীউডৰ ছবিক বয়কট কৰাৰ ট্ৰেণ্ডৰ পৰা উত্তৰ প্ৰদেশক মুক্ত কৰিবলৈ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক আহ্বান জনোৱা বুলি জানিব পৰা গৈছে।