NORTHEAST NOW (Assamese)

গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ ঘোষণাৰ পাছতে বিজেপিৰ পৰা পদত্যাগ পাৰিষদৰ

May 3, 2022 2:35 pm · কল্পজোতি শইকীয়া, গুৱাহাটী
পদত্যাগ কৰা বিজেপিৰ পাৰিষদ শশাংক ডেকা (মাজৰজন)।

গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ ঘোষণাৰ পাছতে বিজেপিৰ পৰা পদত্যাগ কৰিলে এজন পাৰিষদে।

৩৮ নং ৱাৰ্ডৰ পাৰিষদ শশাংক ডেকাই আজি পদত্যাগ কৰে।

মৃগেন শৰণীয়াক মেয়ৰ হিচাপে ঘোষণা কৰাৰ পাছতে শশাংক ডেকাই এইদৰে পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰে।

লগতে পঢ়ক: গুৱাহাটীৰ পৌৰ নিগমৰ মেয়ৰ হ’ব পুনৰ মৃগেন শৰণীয়া; উপ মেয়ৰ স্মিতা ৰয়

দলৰ সভাপতি ভৱেশ কলিতালৈ পত্ৰ প্ৰেৰণ কৰি পদত্যাগ কৰে শশাংক ডেকাই।

শশাংক ডেকাই আম আদমী পাৰ্টীত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ অতি ঘনিষ্ঠ আছিল শশাংক ডেকা।

Related News