NORTHEAST NOW (Assamese)
অসম

পাটাছাৰকুছিত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত! পাঠশালা নগৰ মণ্ডল কাৰ্য্যালয়ৰ সন্মুখত বিজেপি কৰ্মীৰ প্ৰতিবাদ

Posted by: শশাংক তালুকদাৰ Updated by: শশাংক তালুকদাৰ March 5, 2021 1:59 pm
BJP workers protest

পাটাছাৰকুছি সমষ্টিত টিকট বিতৰ্কৰ বাবে বিজেপিৰ তৃণমূল কৰ্মীসকলে শুকুৰবাৰে ক্ষোভ প্ৰকাশ কৰি কাৰ্য্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

আনহাতে, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসক পাঠশালা বিজেপিৰ তৃণমূল কৰ্মীসকলে স্থানীয় প্ৰাৰ্থী নহয় বুলি ক্ষোভ প্ৰকাশ কৰে।

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসক শ্ৰদ্ধা কৰে যদিও তৃণমূল কৰ্মীসকলে ফণী পাঠককহে বিচাৰে বুলি স্পষ্ট কৰি দিয়ে।

কিয়নো বিগত সময় ধৰি ফণী পাঠকে সমষ্টিটোত সকলো বিজেপি কৰ্মীক নেতৃত্ব দি একত্ৰিত কৰিছিল।

ফণী পাঠককে পাটাছাৰকুছি সমষ্টিত টিকট দিবলৈ ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাসক আহ্বান জনায় তৃণমূল কৰ্মীসকলে।