NORTHEAST NOW (Assamese)

বিপুল ভোটত জয়ী হ’ম : ভোটদান কৰি এই মন্তব্য গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজাৰ

April 23, 2019 8:10 am · কল্পজ্যোতি শইকীয়া
Updated: April 23, 2019 3:02 pm

আজি লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণৰ বাবে ৰাজ্যৰ চাৰিটা সমষ্টিৰ ৰাইজে নিজৰ নিজৰ পচন্দৰ প্ৰাৰ্থীক ভোট দিবলৈ কেন্দ্ৰ সমূহলৈ ওলাই অহা পৰিলক্ষিত হৈছে। ইয়াৰ সমান্তৰালভাৱে  ৭ নং গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজাইও উলুবাৰীৰ ১৫৫ নং লাচিত নগৰ প্ৰাথমিক বিদ্যালয় ভোটকেন্দ্ৰত পুৱা ৭ বজাত উপস্থিত হৈ ভোটদান কৰে।

উলুবাৰীৰ লাচিত নগৰস্থিত নিজ বাসগৃহৰ সমীপতে থকা কেন্দ্ৰটোত প্ৰথম ভোটটোৱে প্ৰদান কৰে বিজেপি প্ৰাৰ্থীগৰাকীয়ে। ভোটদান কৰি আহি ওজাই কয়, ‘নিজৰ ভোটটো নিজকে দি আহি ভাল লাগিল। মই পূৰ্বৰে পৰা ৰাতিপুৱাই ভোটদান সাব্যস্ত কৰি আহিছো’।

ইয়াৰ উপৰি তেওঁ বিপুল ভোটত জয়ী হ’ব বুলিও মন্তব্য কৰে।

‘মই প্ৰবল আশাবাদী। ৰাইজৰ বিপুল সঁহাৰি আছে। আশা ৰাখিছো, এতিয়া চাই লওঁ কি হয়’। এইদৰে ওজাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংবাদ মাধ্যমৰ আগত কয়।

ইফালে ভোটদান কৰিয়েই তেওঁ সমষ্টিটোৰ অন্য ভোটকেন্দ্ৰ সমূহলৈ ৰাওনা হয়।

উল্লেখ্য যে  অসমৰ ৪ টা সংসদীয় সমষ্টিত অনুষ্ঠিত হৈ আছে তৃতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া।

Related News