NORTHEAST NOW (Assamese)

দেশৰ প্ৰা. মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ নহয় বিজেপিৰ মুখ্য মন্ত্ৰী পদৰ প্ৰাৰ্থী

August 23, 2020 7:54 pm · এন ই নাও নিউজ
দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। ফাইল ফটো

দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ অহা বিধান সভা নিৰ্বাচনত বিজেপি দলৰ অসমৰ মুখ্য মন্ত্ৰী পদৰ প্ৰাৰ্থী নহয়, বাতৰিত প্ৰকাশ

প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে এই সন্দৰ্ভত কৰা মন্তব্য নস্যাৎ কৰি ইয়াক সম্পূৰ্ণ মিছাৰূপে অভিহিত কৰিছে প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা বৰ্তমানৰ ৰাজ্য সভাৰ মনোনীত সাংসদজনে।

“মই ৰাজনীতিক নহওঁ আৰু তেনে উচ্চাকাংক্ষা বা উদ্দেশ্য নাই। কোনেও মোক তেনে সম্ভাৱনাৰ কথা উল্লেখ কৰা নাই,” তেওঁ কয়।

“ৰাজ্য সভাৰ মনোনীত সদস্য হোৱা আৰু এটা ৰাজনৈতিক দলৰ মনোনীত হোৱাৰ মাজত পাৰ্থক্য আছে। দুৰ্ভাগ্যজনকভাৱে কিছুমান মানুহে এই কথা বুজিবলৈ চেষ্টা নকৰে।”

তৰুণ গগৈয়ে মোৰ সন্দেহ পৰৱৰ্তী বিধানসভাৰ নিৰ্বাচনত তেওঁক সম্ভাৱ্য মুখ্য মন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে আগবঢ়াব বুলি মন্তব্য কৰিছিল।

ৰঞ্জন গগৈৰ সম্পৰ্কত মন্তব্য কৰি তৰুণ গগৈয়ে কৈছিল যে যদি প্ৰাক্তন মুখ্য ন্যায়াধীশগৰাকীয়ে ৰাজ্যসভালৈ যাব পাৰে বিজেপিৰ পৰৱৰ্তী মুখ্য মন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে তেওঁ নিশ্চয় সন্মত হ’ব।

‘’তেওঁৰ নিশ্চয় ৰাজনৈতিক আকাংক্ষা আছে আৰু সেই কাৰণেই তেওঁ ৰাজ্যসভাৰ সদস্য পদৰ মনোনয়ন গ্ৰহণ কৰিছে,’’-তৰুণ গগৈয়ে কৈছিল।

ইতিমধ্যে অসম বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসেও তৰুণ গগৈৰ কথা অসত্য আৰু ভিত্তিহীন বুলি নাকচ কৰিছিল।

Related News