NORTHEAST NOW (Assamese)
অসম

বিজেপিৰ কেন্দ্ৰীয় ৱেবছাইট হেকড; “upgrade চলিছে” বুলিহে দাবী অসম বিজেপিৰ সাঃ সম্পাদকৰ

Posted by: এন ই নাও নিউজ March 5, 2019 5:28 pm
BJP Central Website

যোৱা বছৰ অসম বিজেপিৰ ৱেবছাইট হেকাৰৰ কবলত পৰি বহুদিন পৰ্ন ওলাই থকাৰ পিছত এইবাৰ হেকাৰৰ পাল্লাত পৰিল বিজেপিৰ মূল (কেন্দ্ৰীয়) ৱেবছাইট bjp.org.

আজি পুৱাৰ পৰাই ৱেবছাইটটো হেকড হয়। লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত দলটোৰ মূল ৱেবছাইট এইদৰে হেকড হৈ থকাত বিমোৰত পৰিছে কৰ্মকৰ্তাসকল।

মন কৰিব লগীয়া যে বিজেপিৰ IT Cell দেশৰ সকলো ৰাজনৈতিক দলৰ ভিতৰতে শক্তিশালী আৰু সক্ৰিয় বুলি কোৱা হয়। কিন্তু তেনে এটা দলৰ ৱেবছাইট হেকাৰৰ কৱলত পৰাৰ পিছত এই পৰ্য্যন্ত ইয়াক সক্ৰিয় কৰিব পৰা নাই শাসনাধিষ্ঠিত বৃহৎ ৰাষ্ট্ৰীয় দলটোৱে।

আনহাতে অসম বিজেপিৰ সাধাৰণ সম্পাদক দিলীপ শইকীয়াই কয় যে ৱেবছাইটটো হেকড হোৱা নাই। এইটোৰ আপগ্ৰেইড আৰু মেইনটিনেন্সৰ কাম চলি আছে বাবেহে এনে হৈছে।

“আমি যিখিনি খবৰ পাইছো চেণ্ট্ৰেল অফিচৰ পৰা, এইটো মেইনটিনেন্সৰ বাবে হৈছে”,  ৱেবছাইটটো হেকড হোৱাৰ কথা অস্বীকাৰ কৰি এইদৰে কয় দিলীপ শইকীয়াই।

অৱশ্যে দিলীপ শইকীয়াৰ সেয়া অজ্ঞতাহে যে তাত সন্দেহ নাই। কাৰণ মেইনটিনেন্স কৰা দলৰ ৱেবছাইটত প্ৰধান মন্ত্ৰী মোদীক ব্যংগ কৰা ভিডিঅ’ যে নিদিয়ে সেয়া সাধাৰণতম জ্ঞান থকা লোকেও জানে।

উল্লেখ কৰিব পাৰি যে পুৱাতে ৱেবছাইটটোৰ হ’ম পেইজতে প্ৰধান মন্ত্ৰী মোদীয়ে জাৰ্মানীৰ চেন্সেলৰ এঞ্জেলা মাৰ্কেলৰ সৈতে কৰমৰ্দনৰ প্ৰয়াস কৰা এটা দৃশ্যৰ GIF প্ৰদৰ্শন হৈছিল। ভিডিঅ’টোত মোদীয়ে “Hello” বুলি কৈ কৰমৰ্দনৰ বাবে নিজৰ হাতখন আগ বঢ়াই দিয়ে, কিন্তু এঞ্জেলা মাৰ্কেলে “I have a boyfriend” বুলি কৈ কৰমৰ্দন কৰিবলৈ অস্বীকাৰ কৰে।

এই GIF -অৰ পিছত ৱেবছাইটটোৰ হোম পেইজত কুইন বেণ্ডৰ জনপ্ৰিয় “Bohemian Rhapsody” শীৰ্ষক গীতটোৰ এটা কাৰ্টুন দিয়া হয়।

তাৎপৰ্য্যপূৰ্ণভাৱে Elliot Anderson নামৰ এজন লোকে টুইটাৰত বিজেপিক জনাই যে তেওঁলোকৰ ৱেবছাইট হেকড কৰা হৈছে। “Hello #ITCell on #BJP your official website hacked today”, এইদৰে টুইট কৰে এণ্ডাৰছনে।

হেকাৰ বুলি অনুমান কৰা ব্যক্তিজনে ৱেবছাইটটো কোনে হেকড কৰিছে, কোন দেশৰ, হেকাৰৰ গ্ৰুপৰ নাম ক’বলৈ প্ৰত্যাহ্বান জনায়।

উল্লেখ কৰিব পাৰি যে পুলৱামা বোমা আক্ৰমণৰ পিছত ভাৰতৰ বহুতো হেকাৰে, বিশেষকৈ বিজেপিৰ সমৰ্থক হেকাৰে পাকিস্তানৰ বহুতো ৱেবছাইট হেকড কৰা বুলি খবৰ প্ৰচাৰিত হৈছিল।

আনহাতে ২০১৮ চনৰ এপ্ৰিলত ভাৰতৰো বহুকেইটা অফিচিয়েল ৱেবছাইট একে সময়তে অকামিলা হৈ পৰিছিল আৰু বিদেশৰ লোকৰ দ্বাৰা হেকড হোৱা বুলি সন্দেহ কৰা হৈছিল।