NORTHEAST NOW (Assamese)
দেশ

বিতৰ্কই আমুৱালে! টেলিভিচনৰ বিতৰ্কত অংশগ্ৰহণ কৰা নেতাৰ বাবে নতুন নিয়ম বান্ধি দিলে বিজেপিয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 7, 2022 7:57 pm
BJP's New Rules For Leaders

এইবাৰ নিজৰ দলৰে মুখপাত্ৰ তথা নেতাসকলৰ মুখত ৰাবাৰটেপ লগাবলৈ বাধ্য হৈছে বিজেপিয়ে। জানিব পৰা মতে, টিভি বিতৰ্কত অংশগ্ৰহণ কৰাৰ দায়িত্বত থকা দলটোৰ মুখপাত্ৰসকলৰ প্ৰতি এক বিশেষ নিয়মাৱলী প্ৰস্তুত কৰিছে দলটোৱে। সেই অনুসৰি মুখপাত্ৰসকলে যধে-মধে যিকোনো মন্তব্য কৰিব নোৱাৰিব।

মুখপাত্ৰসকলে কোনো ধৰ্মৰ ওপৰত আপত্তিজনক মন্তব্য কৰিব নোৱাৰিব। উত্তেজিত হ’ব নোৱাৰিব। তদুপৰি কেৱল বিজেপিৰ মিডিয়া চেলত অন্তৰ্ভূক্ত নেতাসকলেহে এই ডিবেটত অংশগ্ৰহণ কৰিব পাৰিব।

ডিবেটত অংশগ্ৰহণ কৰাৰ পূৰ্বে বিষয়বস্তু সম্পৰ্কতো অধ্যয়ন কৰি ল’ব লাগিব মুখপাত্ৰসকলে। মূলতঃ তেওঁলোকে চৰকাৰৰ উন্নয়নমূলক কাম কাজৰ বিষয়েই প্ৰচাৰ কৰিব লাগিব।

উল্লেখ্য যে হজৰত মহম্মদৰ বিষয়ে বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ নুপুৰ শৰ্মা আৰু নেতা নবীন জিন্দালৰ আপত্তিজনক মন্তব্যই তোলপাৰ লগাই আছে। ভাৰতৰ ওপৰত খৰ্গহস্ত হৈ আছে মধ্যপ্ৰাচ্যৰ দেশসমূহ। ভাবুকি আহি পৰিছে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত।

এনে দিশ সমূহৰ প্ৰতি লক্ষ্য ৰাখিয়েই বিজেপিয়ে মুখপাত্ৰসকলৰ প্ৰতি শাসনাধিষ্ঠি দলটোৱে এই নিয়মাৱলীসমূহ প্ৰস্তুত কৰিছে।

আশা কৰিব পাৰি যে দলটোৰ এই নিয়মাৱলীয়ে অন্ততঃ টিভি বিতৰ্কত হোৱা শব্দ প্ৰদূষণ ৰোধ কৰাৰ লগতে মুকলিকৈ প্ৰকাশ কৰা সাম্প্ৰদায়িক মন্তব্যত লেকাম লগাবলৈ সক্ষম হ’ব।