NORTHEAST NOW (Assamese)
অসম

‘আছু’ৰ ‘কা’ বিৰোধী প্ৰতিবাদী সভাত সেৰেঙা উপস্থিতি; সুযোগ গ্ৰহণ বিজেপিৰ আই টি চেলৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া January 18, 2020 6:16 pm
Facebook Post Main

ৰাজ্যজুৰি ‘কা’ বিৰোধী আন্দোলন চলি থকাৰ সমান্তৰালকৈ ২০২১ ত বিজেপিক পৰাভূত কৰিবলৈ ৰাজনৈতিক বিকল্পৰ প্ৰসংগ উত্থাপন হৈছে।

সদৌ অসম ছাত্ৰ সন্থাই ৰাজনৈতিক বিকল্পৰ বাবে অহা ফেব্ৰুৱাৰি মাহৰ পৰা কাম-কাজ আৰম্ভ কৰিব বুলি সভাপতি দীপাংক নাথে ঘোষণা কৰাৰ পাছতে এতিয়া ইয়াক প্ৰতিৰোধ কৰাৰ বাবে উঠি-পৰি লাগিছে বিজেপি।

ইয়াৰে সুযোগ গ্ৰহণ কৰিছে বিজেপিৰ একাংশ আই টি চেলৰ কাৰ্য্যকৰ্তাই। শণিবাৰে মহানগৰীৰ চান্দমাৰী অভিযান্ত্ৰিক মহাবিদ্যালয় খেলপথাৰত চান্দমাৰী ছাত্ৰ সন্থাৰ উদ্যোগত বামুণীমৈদাম, জু-নাৰেঙ্গী ছাত্ৰ সন্থা আৰু বৃহত্তৰ পূব গুৱাহাটী ৰাইজৰ সহযোগত ‘কা’ বিৰোধিতাৰে অনুষ্ঠিত ‘বজ্ৰ গৰ্জন’ত প্ৰতিবাদী জনতাৰ সেৰেঙা উপস্থিতিৰ বিষয়টো এক অস্ত্ৰ হিচাপে লৈছে বিজেপিৰ আই টি চেলৰ কাৰ্য্যকৰ্তাই।

ছ’চিয়েল মিডিয়াত ইতিমধ্যে বিজেপিৰ সমৰ্থকে ফটো-ভিডিঅ’সহ আছুক কটাক্ষ কৰি ইতিকিং সূচক মন্তব্য কৰা পৰিলক্ষিত হৈছে।

8c7d2b02-786d-46ac-8a5d-5d6e4b63f64a
বিজেপিৰ আই টি চেলৰ ছ’চিয়েল মিডিয়াত আছুক কটাক্ষ।

বিজেপিৰ ছ’চিয়েল মিডিয়াৰ সহ আহ্বায়ক পৰাণজ্যোতি পাচনিয়ে নিজৰ ফেইচবুক ৱালত প্ৰতিবাদী সভাত সেৰেঙা উপস্থিতি থকা এটা ভিডিঅ’ৰ সৈতে লিখিছে এইদৰে ‘এই দৃশ্য গুৱাহাটীৰ চান্দমাৰীৰ। নাম কা ৰ বিৰুদ্ধে ব্ৰজ গৰ্জন… কিন্তু মানুহ হে নাই, তিৰপাল খালি। এনেকৈয়ে ৰাজনৈতিক বিকল্প বিচাৰিব জনতাই?’

তদুপৰি জ্যোতিৰ্ময় শৰ্মা নামৰ এজন বিজেপি কাৰ্য্যকৰ্তাই চান্দমাৰীত প্ৰতিবাদী জনতাৰ সেৰেঙা উপস্থিতি থকা ফটো আপলোড কৰি নিজৰ ৱালত কটাক্ষ কৰি এইদৰে লিখে ‘চান্দমাৰীত শিল্পী সমাজ আৰু আছুৰ অতি মহা বজ্ৰ গৰ্জন

‘নতুন প্ৰস্তাৱিত ৰাজনৈতিক দললৈ সঁহাৰি জনাই লক্ষাধিক জনতাৰ ভীৰ
পোষ্টটো #শ্বেয়াৰ কৰক যাতে এই মহা বজ্ৰনিনাদ সমগ্ৰ অসমবাসীয়ে দেখাৰ সৌভাগ্য হয়৷’

afc51f77-dfea-4372-a88f-b6eaeae1e358
বিজেপিৰ আই টি চেলৰ ছ’চিয়েল মিডিয়াত আছুক কটাক্ষ।

ইপিনে, অলকেশ দাস নামৰ আন এজন বিজেপি কৰ্মীয়ে এটি ভিডিঅ’ৰ সৈতে লিখিছে ‘চান্দমাৰীত শিল্পী সমাজ আৰু আছুৰ অতি মহা বজ্ৰ গৰ্জন ৰাইজে কৰিলে বৰ্জন।

নতুন প্ৰস্তাৱিত ৰাজনৈতিক দললৈ সঁহাৰি জনাই এয়া লক্ষাধিক জনতাৰ ভীৰ’

আনহাতে, কৌশিক হাজৰিকা নামৰ আন এজন বিজেপি কৰ্মীয়ে নিজৰ ফেইচবুকত আছুক সমালোচনা কৰি এইদৰে লিখে ‘আছুৱে মিটিঙত জেগা খালী ৰাখে, হেলিপেড বোলে।‘

আছুৰ নেতৃত্বত ৰাজনৈতিক বিকল্প শক্তি গঠনৰ চৰ্চা চলি থকাৰ মাজতে এনেদৰে বিজেপি কৰ্মীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰা পৰিলক্ষিত হ’ল।

আনহাতে, স্বাভাৱিকতে আন এক প্ৰসংগ সমানে চৰ্চিত হৈ আহিছে যে যিবোৰ প্ৰতিবাদী সভাত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ উপস্থিত থাকে সেই সভাবোৰত ‘কা’ৰ বিৰুদ্ধে যুৱ প্ৰজন্মকে ধৰি ওলাই আহে হাজাৰ হাজাৰ জনতা।

কিন্তু এনে বহুকেইখন ছবি পোহৰলৈ আহিছে যে য’ত জুবিন গাৰ্গ উপস্থিত নাথাকে তেনেবোৰ প্ৰতিবাদত জনতাৰ উপস্থিতি সেৰেঙা হয়। ইয়াৰ এক উদাহৰণ চান্দমাৰীত আছুৰ ‘বজ্ৰ গৰ্জন’, য’ত উপস্থিত নাছিল জুবিন গাৰ্গ।

স্বাভাৱিকতে প্ৰশ্ন হয়, জুবিন গাৰ্গ অবিহনে নিস্তেজ নেকি ‘কা’ বিৰোধী প্ৰতিবাদ?