NORTHEAST NOW (Assamese)
অসম

গেৰুৱাকৰণ হ’ল বিশ্বনাথ চাৰিআলি পৌৰ সভা: বিৰোধীক ধূলিসাৎ কৰি চলিল বিজেপিৰ জয়ৰথ

Posted by: কাজী জেইদুল ইছলাম, বিশ্বনাথ Updated by: কাজী জেইদুল ইছলাম, বিশ্বনাথ March 9, 2022 10:09 am
Assam municipal elections result

বিশ্বনাথ চাৰিআলি পৌৰ সভাত চূড়ান্ত ৰূপে বিধ্বস্ত হ’ল বিৰোধী ৰাজনৈতিক দল। পৌৰ সভা নিৰ্বাচনৰ আজি ঘোষিত ফলাফলত বিৰোধীক সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি একচেতীয়াকৈ চলিল বিজেপিৰ বিজয় ৰথ।

বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ ১০ টা ৱাৰ্ডত বিজেপিৰ জয়লাভ হোৱাৰ লগতে ১ টা ৱাৰ্ডত মিত্ৰজোঁট দল অসম গণ পৰিষদৰ প্ৰাৰ্থীয়ে জয়লাভ কৰে।

ইয়াৰ পৰিৱৰ্তে এটা ৱাৰ্ড কংগ্ৰেছে নিজৰ দখললৈ আনিবলৈ সক্ষম হয়।

মূঠ ১২ টা ৱাৰ্ডৰ বিশ্বনাথ চাৰিআলি পৌৰ সভাত ৩ টা ৱাৰ্ডত বিনা প্ৰতিদ্বন্দিতাৰে প্ৰাৰ্থী জয়ী হৈছিল। আনহাতে প্ৰতিদ্বন্দিতা হৈছিল মুঠ ন টা ৱাৰ্ডত।

ঘোষিত ফলাফল অনুসৰি ২ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী দীপক শ‌ইকীয়া, ৩ নং ৱাৰ্ডত কংগ্ৰেছ প্ৰাৰ্থী সীমা দাস গুপ্তা, ৪ নং ৱাৰ্ডত বিজেপিৰ মিলন বৰাই বিজয় সাব্যস্ত কৰে।

সেইদৰে ৫ নং ৱাৰ্ডত বিজেপিৰ জীৱন দাস, ৭ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী নমী কলিতা, ৮ নং ৱাৰ্ডত বিজেপিৰ নীভা ভূঞা, ১০ নং ৱাৰ্ডত বিজেপিৰ সুদীপ পাল জয়ী হয়।

১২ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী আচমা চুলতানা জয়ী হোৱাৰ বিপৰীতে ৯ নং ৱাৰ্ডত অসম গণ পৰিষদৰ জুলু শ‌ইকীয়া জয়ী হয়।

আনহাতে ১,৬ আৰু ১১ নং ৱাৰ্ডত বিনা প্ৰতিদ্বন্দীতাৰে বিজেপি প্ৰাৰ্থী কেইগৰাকীয়ে জয় লাভ কৰে।