NORTHEAST NOW (Assamese)
Popular Stories

ডিব্ৰু-ছৈকোৱাৰ সমীপৰ বাঘজানত অইলৰ তৈল ক্ষেত্ৰৰ এক খাদত সংঘটিত হৈছে বিস্ফোৰণ

Posted by: অভীক চক্ৰৱৰ্তী Updated by: অভীক চক্ৰৱৰ্তী May 27, 2020 5:34 pm

অইল ইণ্ডিয়া লিমিটেডৰ তিনিচুকীয়া জিলাৰ বাঘজান তৈল ক্ষেত্ৰৰ এক খাদত আজি বুধবাৰে এক বিস্ফোৰণ সংঘটিত হৈছে।

আজি দিনৰ প্ৰায় ১০.৩০ মিনিটত সংঘটিত হয় বিস্ফোৰণটো।

ইয়াৰ পিছতে খাদটোৰ পৰা অস্বাভাৱিক গতিত গেছ নিৰ্গম হৈছে খাদটোৰ পৰা।

একগ নিৰ্ভৰযোগ্য সূত্ৰৰ মতে, ঘটনা সংঘটিত হোৱা খাদটো অইলৰ এটা উচ্চ চাপৰ গেছৰ খাদ। ধাৰণা কৰা হৈছে ঠিকাদাৰে অপাৰেশ্যন আৰু অ’পাৰেটিঙৰ অৱহেলাৰ বাবেই এই ভয়ংকৰ ঘটনাটো সংঘটিত হ’বলৈ পালে।

‘খাদটোৰ আশ-পাশ অঞ্চলৰ বায়ুমণ্ডলত নিৰ্গত গেছৰ বাবে যাতে অগ্নিকাণ্ড সংঘটিত নহয় তাৰ বাবে ব্যৱস্থা লোৱা হৈছে। মানুহৰ শ্বাস-প্ৰশ্বাসত কোনো প্ৰভাৱ নপৰিবলৈ বায়ুমণ্ডলত বিশুদ্ধ বায়ু অঞ্চলটোত এৰি দিয়া হৈছে।’ সূত্ৰটোৱে কয়।

ইফালে প্ৰতিষ্ঠানটোৱে এক প্ৰেছ বিজ্ঞপ্তিত জনাইছে যে ঘটনাটো সংঘটিত হোৱাৰ লগে লগে খাদটোৰ কাম বন্ধ কৰি দিয়া হৈছে আৰু অঞ্চলটোত প্ৰাকৃতিক গেছ এৰি দিয়া হৈছে।

খাদটোৰ অনিয়ন্ত্ৰিতভাৱে নিৰ্গত হৈ থকা গেছ বন্ধ কৰিবলৈ প্ৰয়োজনীয় সকলো যান্ত্ৰপাতি আৰু সা-সৰঞ্জাম ব্যৱহাৰ কৰা হৈছে।

আনহাতে নিৰ্গত গেছ বন্ধ কৰিবলৈ নাজিৰাস্থিত অ’এনজিচিৰ পৰা ক্ৰাইচিছ নিয়্ন্ত্ৰণৰ এটা দলে গৈ চেষ্টা অব্যাহত ৰাখিছে।