NORTHEAST NOW (Assamese)
Uncategorized

কোকৰাঝাৰত লায়নছ ক্লাৱৰ উদ্যোগত মেগা ৰক্তদান শিৱিৰ

Posted by: ৰিনয় বসুমতাৰী Updated by: ৰিনয় বসুমতাৰী July 11, 2021 11:34 am
bll

কোকৰাঝাৰ চহৰৰ ৰাসমেলা ফিল্ডৰ সমীপৰ টেৰাপন্থ ভৱনত   লায়নছ ক্লাৱ,গ্ৰেটাৰ কোকৰাঝাৰৰ উদ্যোগত মেগা ৰক্তদান শিৱিৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷

উল্লেখ্য যে, কোভিড পৰীক্ষাৰে আয়োজিত হোৱা ৰক্তদান শিৱিৰটো আনুষ্ঠানিক বন্তি প্ৰজ্বলণৰে শুভাৰম্ভ কৰে কোকৰাঝাৰ  জিলা উপায়ুক্ত মেঘা নিধি দাহালে ৷

পিছত বিনামুলীয়া ৰক্তদান শিৱিৰটো ৰক্তদান কৰি মহান পদক্ষেপৰে শুভাৰম্ভ কৰে কোকৰাঝাৰ জিলাৰ উপায়ুক্ত মেঘা নিধি দাহাল আৰু জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় থুৱেই ৷

ৰক্তদান শিৱিৰত কোকৰাঝাৰৰ একাংশ সাংবাদিক,নাগৰিক ,ব্যৱসায়ী আৰু উদীয়মান যুৱকসহ অৰ্দ্ধশতাধিকে স্বেচ্ছাই ৰক্তদান কৰা পৰিলক্ষিত হয় ৷