NORTHEAST NOW (Assamese)
অসম

টীয়কত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭০ সংখ্যক জন্ম দিনৰ লগত সংগতি ৰাখি ৰক্তদান শিবিৰৰ আয়োজন

Posted by: নীৰ্মলেন্দু পাঠক Updated by: নীৰ্মলেন্দু পাঠক September 16, 2020 4:32 pm
Screenshot_2020-09-16-15-51-42_1

যোৰহাট জিলাৰ টীয়ক এফ আৰ ইউত আজি ভাৰতীয় যুৱ মৰ্চাৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত এক ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭০ সংখ্যক জন্ম দিনৰ লগত সংগতি ৰাখি আয়োজন কৰা এই অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টিৰ উপ সভাপতি তথা অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, ৰাষ্ট্ৰীয় কৃষি বিপনণ পৰিষদৰ অধ্যক্ষ পালিত কুমাৰ বৰাকে প্ৰমুখ্য কৰি ভালেসংখ্যক দলীয় নেতা কৰ্মী উপস্থিত থকা এই ৰক্তদান কাৰ্যসূচীত প্ৰায় শতাধিক সদস্যই ৰক্তদান কৰে।

এই অনুষ্ঠানতে উপসভাপতি গৰাকীয়ে সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাতত কয় যে আছু আৰু জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত যি ৰাজনৈতিক দল গঠন হৈছে সেয়া তেওঁ আদৰণি জনাইছে।

তেওঁ লগতে কয় যে কোনো কাৰণতে এই দলে নিৰ্বাচনত বিজেপি দলত প্ৰভাৱ নেপেলায়।

কংগ্ৰেছ এ আই ইউ ডি এফৰ মিত্ৰতাই উজনিত বিজেপিক বিশেষভাৱে সহায় কৰিব বুলিব বুলিও তেওঁ দাবী কৰে।

উল্লেখযোগ্য যে অহা ২১ৰ নিৰ্বাচনতো ৰাষ্ট্ৰীয় নেতৃত্বৰ নিৰ্দেশমৰ্মে যোৱাবাৰৰ দৰে সৰু বৰ সকলো দলৰ লগতে মিত্ৰতা অটুত ৰাখি নিৰ্বাচনত বিজেপি দলৰ জয়যাত্ৰা অব্যাহত থাকিব বুলি তেওঁ মত প্ৰকাশ কৰে।