NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

আকৌ ৰক্তাক্ত বেলুচিস্তান : কুৱেটাত বোমা বিস্ফোৰণত কমেও ৯ জন লোকৰ মৃত্যু, ৩২ জন আহত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 30, 2025 7:00 pm

বেলুচিস্তানৰ কুৱেটাত সংঘটিত হৈছে ভয়ংকৰ বিস্ফোৰণৰ ঘটনা। এই ঘটনাত কমেও ৯ জন লোক নিহত হোৱাৰ লগতে ৩২ জন আহত হোৱা বুলি জানিবলৈ পোৱা গৈছে। এই কথা সদৰী কৰিছে প্ৰাদেশিক স্বাস্থ্যমন্ত্ৰীৰ কাৰ্যালয়ে।

কুৱেটাৰ অৰ্ধসামৰিক ফ্ৰন্টিয়াৰ কৰ্পছৰ মুখ্য কাৰ্যালয়ৰ সমীপত এই বিস্ফোৰণ সংঘটিত হৈছে।

প্ৰাদেশিক স্বাস্থ্যমন্ত্ৰী বাখত কাকৰে সংবাদ মাধ্যমক জনোৱা মতে, নিহত আৰু আহতসকলৰ ভিতৰত নিৰাপত্তাৰক্ষীও আছে। বিস্ফোৰণৰ পিছত গুলীয়াগুলীৰ ঘটনাও সংঘটিত হয়।

বিস্ফোৰণৰ পিছত স্থানীয় প্ৰশাসনে কুৱেটাৰ চিকিৎসালয়সমূহত জৰুৰীকালীন অৱস্থা জাৰি কৰিছে আৰু সকলো কৰ্মচাৰীকে চিকিৎসালয়সমূহত থাকিবলৈ নিৰ্দেশ দিছে।