NORTHEAST NOW (Assamese)
অসম

হোষ্টেলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সুখবৰ! প্ৰতিজন আৱাসীয়ে ৭০০ টকাকৈ পাব ৰাজসাহায্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 14, 2019 11:28 am
Cotton Hostel

ৰাজ্য চৰকাৰৰ অধীনৰ বিভিন্ন বিশ্ববিদ্যালয়, মহাবিদ্যালয়বোৰত থকা ছাত্ৰাৱাস আৰু ছাত্ৰী নিৱাসবোৰত থাকি অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলক চৰকাৰে ৰাজ সাহায্য আগ বঢ়োৱাৰ সিদ্ধান্ত লৈছে।

এই কথা অলপতে ৰাজ্যৰ উচ্চশিক্ষা সঞ্চালকালয়ে ৰাজ্যৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানবোৰলৈ প্ৰেৰণ কৰা এখন জাননীৰ পৰা গম পোৱা গৈছে।

চৰকাৰৰ এই আঁচনিখনৰ অধীনত প্ৰতিজন শিক্ষাৰ্থীক মাহে ৭০০ টকাকৈ ৰাজ সাহায্য দিয়া হ’ব আৰু সেইটো শিক্ষাৰ্থীসকলৰ পৰিয়ালৰ অৰ্থনৈতিক অৱস্থা নিৰ্বিশেষে হোষ্টেল আৱাসী সকলো শিক্ষাৰ্থীয়েই লাভ কৰিব। বছৰত ১০ মাহ এই সাহায্য পাব।

Student residing at Hostel
উচ্চ শিক্ষা সঞ্চালকালয়ে জাৰি কৰা জাননীখনৰ এটা প্ৰতিলিপি।

অসম চৰকাৰৰ উচ্চশিক্ষা সঞ্চালকৰ দ্বাৰা স্বাক্ষৰিত এই জাননীখন যোৱা ২ আগষ্টত গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, বড়োলেণ্ড বিশ্ববিদ্যালয়, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়, মাধৱদেৱ বিশ্ববিদ্যালয়, ভট্টদেৱ বিশ্ববিদ্যালয়, কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় (Kumar Bhaskar Varma Sanskrit and Ancient Studies University)ৰ পঞ্জীয়কসকল আৰু সকলো চৰকাৰী তথা প্ৰাদেশিককৃত মহাবিদ্যালয়ৰ অধ্যক্ষলৈ যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে প্ৰেৰণ কৰা হৈছে।

জনানীখনত বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় কৰ্তৃপক্ষক হিতাধিকাৰী শিক্ষাৰ্থীসকলৰ তালিকা প্ৰস্তুত কৰি তেওঁলোকৰ বেংক একাউণ্টৰ সবিশেষ প্ৰেৰণ কৰিবলৈ কোৱা হৈছে।

(অসম বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয় কেন্দ্ৰীয় বিশ্ববিদ্যালয় বাবে বাদ এই সুবিধাৰ আওতাত নপৰিব)