NORTHEAST NOW (Assamese)
Popular Stories

নাৰ্চিং হোমৰ সমীপৰ প্লাষ্টিকৰ দ’মত উদ্ধাৰ একাধিক নৱজাতকৰ মৃতদেহ সহিতে শৰীৰৰ বিছিন্ন অংগ! ক’ত সংঘটিত হ’ল এই কাণ্ড?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 26, 2025 9:11 am

নাৰ্চিং হোমৰ সমীপৰ প্লাষ্টিকৰ দ’মত উদ্ধাৰ একাধিক নৱজাতকৰ শৰীৰৰ অংগ! পুনেত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা য’ত জাবৰৰ দ’মত উদ্ধাৰ হ’ল নৱজাতকৰ মৃতদেহ আৰু আন পাঁচ-ছয়টা নৱজাতকৰ শৰীৰৰ অংগ!

আৰক্ষীয়ে জনোৱা মতে, মৃতদেহ উদ্ধাৰ হোৱা অঞ্চলটোৰ সমীপত এখন নাৰ্চিং হোম আছে। তাৰ পৰাই মৃতদেহটো পেলাই দিয়া বুলি অনুমান কৰা হৈছে। মঙলবাৰে পুৱা পুনেৰ দৌণ্ডা অঞ্চলত হুলস্থুলৰ সৃষ্টি হয়।

স্থানীয় ৰাইজে এটা জাবৰ পেলোৱা ঠাইত মৃতদেহ আৰু শৰীৰৰ অংগ উদ্ধাৰ কৰি আৰক্ষীক খবৰ দিয়ে। আৰক্ষী আহি পোৱাৰ লগে লগে নৱজাত শিশুৰ মৃতদেহকে ধৰি পাঁচ-ছটা শিশুৰ শৰীৰৰ অংগ প্লাষ্টিকৰ জাৱৰত দেখে।

আৰক্ষীৰ প্ৰাৰম্ভিক অনুমান যে ই নাৰ্চিং হোমৰ ‘বায়’মেডিকেল ৱেষ্ট প্ৰচেছ’ হ’ব পাৰে। সেয়ে এই কাম নিয়ম অনুসৰি কৰা হৈছিল নে নাই সেই বিষয়ে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

এই ঘটনা সন্দৰ্ভত পুনেৰ ডি এছ পি বাপুৰাও তাদাছে কয় যে শৰীৰৰ অংগ উদ্ধাৰ হোৱা ঠাইৰ ওচৰতে পেট্ৰ’ল পাম্প আছে। তাত থকা চিচিটিভি পৰীক্ষা কৰি আছে যে কিবা তথ্য পোৱা গৈছে নেকি।

তদুপৰি যিসকলৰ মৃতদেহ উদ্ধাৰ হৈছে তেওঁলোকৰ পৰিচয় চিনাক্তকৰণৰ বাবেও প্ৰচেষ্টা চলোৱা হৈছে। তদন্তৰ তথ্যৰ ভিত্তিত অধিক পদক্ষেপ গ্ৰহণ কৰা হ’ব।