NORTHEAST NOW (Assamese)
অসম

মৰিয়নিত চাহ বাগিচাৰ ভিতৰত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ

Posted by: স্মিতা ভট্টাচাৰ্য্য Updated by: স্মিতা ভট্টাচাৰ্য্য November 11, 2019 10:12 pm

যোৰহাট জিলাৰ মৰিয়নি থানাৰ অন্তৰ্গত খেৰকেটিয়া চাহ বাগিচাৰ ভিতৰৰ এটা জুৰিৰ কাষত আজি দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে এ এছ ০৩ ডি ২৯৫৫ নম্বৰৰ এখন মটৰ চাইকেল উদ্ধাৰ কৰিছে।

নিহত যুৱক দুজনৰ নাম গনেশ ওৰাং আৰু তিলেশ্বৰ মান্তি, জানিব পৰা মতে তেওঁলোকৰ ঘৰ সমীপৰে খেৰমি চাহ বাগিচাত।

যুৱক দুজনে খেৰকেটিয়া চাহ বাগিচাৰ ভিতৰৰ এটা পথৰে ঘৰলৈ গৈ থকা অৱস্থাত এটা জুৰিৰ ওপৰত থকা অস্থায়ী দলঙৰ পৰা তলত পৰাৰ ফলতে মৃত্যু হয় বুলি আৰক্ষীয়ে সন্দেহ কৰিছে।

পিছত মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ দুটা যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰা হয়।